26 C
Guwahati
Saturday, October 1, 2022
More

    ভগৱান ৰাম নেপালী, প্ৰকৃত আয়োধ্যা নেপালৰ-নেপালৰ প্ৰধানমন্ত্ৰী কে পি শৰ্মা অলীৰ দাবী

    কিছুদিন পূৰ্বে ভাৰতৰ ভূ-খণ্ডৰ লুপিলেখ, কালাপানী আৰু লিমপিয়াধুৰা অঞ্চল নিজৰ বুলি দাবী কৰা নেপালৰ প্ৰধানমন্ত্ৰীৰ এইবাৰ অন্য এক গুৰুতৰ দাবী। “ভগৱান ৰাম নেপালী, প্ৰকৃত আয়োধ্যায়ো নেপালৰ”।

    নেপালৰ প্রধানমন্ত্ৰী কে পি শৰ্মা অলীয়ে কৰিছে এক বিতৰ্কিত মন্তব্য। সোমবাৰে এক ভিডিঅ’ বাৰ্তা যোগে এই দাবী নেপালৰ প্ৰধানমন্ত্ৰীৰ।

    দেশখনৰ এখন ৰাষ্ট্ৰীয় সংবাদমাধ্যমৰ খবৰ অনুসৰি, নেপালৰ প্রধানমন্ত্ৰীগৰাকীয়ে কয়- ‘প্ৰকৃত অযোধ্যা নেপালত আছে, ভাৰতে এখন নকল অযোধ্যাহে বিশ্বৰ সন্মুখত দেখুৱাই ৰাখিছে। ভগৱান ৰাম নেপালৰ ভাৰতৰ নহয়। ’

    প্ৰধানমন্ত্ৰী অলীয়ে নিজ বাসভৱনত আয়োজিত এক অনুষ্ঠানত ভাৰতে নকল অযোধ্যাহে বিশ্বৰ সন্মুখত দেখুৱাই ৰাখিছে বুলি কয়। তেওঁ কয়, সীতাক হে নেপালৰ পৰা ভাৰতীয় যুৱৰাজ ৰামলৈ বিয়া দিয়া বুলি বিশ্বাস কৰিছিল। অযোধ্যা নিবাসী ৰামচন্দ্ৰলৈ বিয়া দিয়া হৈছিল সীতাক।

    পিছে সেই আয়োধ্যা ভাৰতত নহয়, প্ৰকৃততে নেপালৰ বাল্কিমী আশ্ৰমৰ সমীপত ভীৰগুঞ্জ গাওঁৰ পৰা পশ্চিমে কিছু নিলগতে আছে বুলি মন্তব্য কৰে তেওঁ।

    নেপালৰ প্ৰধানমন্ত্ৰীৰ এটা বিশেষ মন্তব্যই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

    Photo Credit:

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং