25 C
Guwahati
Thursday, October 6, 2022
More

    লোকসভাত প্ৰদূষণ আৰু কাশ্মীৰ সন্দৰ্ভত আলোচনাৰ বাবে প্ৰস্তুত চৰকাৰ

    সোমবাৰৰ পৰা আৰম্ভ হোৱা সংসদৰ শীতকালীন অধিৱেশনত বায়ু প্ৰদূষণৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হ'ব

    দিল্লীসহ উত্তৰ ভাৰতত বায়ু প্ৰদূষণৰ বিষয় সন্দৰ্ভত এইবাৰ লোকসভা উত্তপ্ত হোৱাৰ সম্ভাৱনা। এই সন্দৰ্ভত প্ৰতিটো ৰাজনৈতিক দলে মতপ্ৰকাশ কৰিছিল। ইয়াৰ পিছত এই সিদ্ধান্ত গ্ৰহণ কৰা হ’ল যে শীতকালীন অধিৱেশনৰ সময়ত প্ৰদূষণ সন্দৰ্ভত আলোচনা কৰা হ’ব।

    ইয়াৰোপৰি চৰকাৰে জম্মু-কাশ্মীৰ সন্দৰ্ভতো আলোচনাৰ কৰাৰ বাবে মান্তি হৈছে যদিও কাশ্মীৰক লৈ কেতিয়া আলোচনা কৰা হ’ব সেয়া এতিয়াও স্পষ্ট হোৱা নাই।

    উল্লেখ্য যে বিগত কেইবাদিন ধৰি দিল্লী-NCRৰ কেইবাটাও অঞ্চলত বায়ু প্ৰদূষণে বিপদসীমা পাৰ কৰিছে। কিছুদিন পূৰ্বে দিল্লীৰ কেইবাটাও অঞ্চলত AQI 1200 পাৰ হৈছিল। ইয়াৰ পিছত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰক লক্ষ্য কৰা হৈছিল। সোমবাৰৰ পৰা আৰম্ভ হোৱা সংসদৰ শীতকালীন অধিৱেশনত বায়ু প্ৰদূষণৰ লগতে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰা হ’ব।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং