31 C
Guwahati
Saturday, October 1, 2022
More

    কন্নৌজৰ জামা মছজিদত সমূহীয়া নামাজত বাধা প্ৰদান কৰাৰ বাবে আৰক্ষীক আক্ৰমণ, কেইবাজনো আহত

    উত্তৰ প্ৰদেশ চৰকাৰে আৰক্ষীক কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে যে লকডাউন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা যাওক আৰু ইয়াৰ আধাৰতে আৰক্ষীয়ে মছজিদৰ পৰা লোকসকলক আঁতৰাবলৈ চেষ্টা চলাইছিল কিন্তু লোকসকলে আৰক্ষীৰ ওপৰতেই আক্ৰমণ চলায়

    উত্তৰ প্ৰদেশৰ কন্নৌজ জিলাত জুমেৰ নামাজ পঢ়িবলৈ ভিৰ কৰা লোকসকলক আঁতৰাবলৈ যোৱা আৰক্ষীক শিলাবৰ্ষণ। এই ঘটনাটোত কেইবাগৰাকীও আৰক্ষী গুৰুতৰভাৱে আহত হয়। লকডাউনৰ পিছতো জুমেৰ নামাজৰ বাবে জামা মছজিদত বহু লোকে ভিৰ কৰিছিল। খবৰ পোৱাৰ লগে লগে মছজিদত উপস্থিত হোৱা আৰক্ষীৰ ওপৰত আক্ৰমণ চলায় নামাজ পঢ়িব যোৱা লোকসকলে।

    পৰিস্থিতি অতি বিষম হৈ পৰাত নিজৰ প্ৰাণ ৰক্ষা কৰি আৰক্ষীৰ দলটো সেই স্থানৰ পৰা পলায়ন কৰে। এই ঘটনাটোৰ বিষয়ে যেতিয়া আৰক্ষীৰ বিষয়াসকলে খবৰ পাই ততালিকে বৃহৎ আৰক্ষী বাহিনী লৈ উপস্থিত হয়। কিন্তু তেতিয়ালৈকে নামাজ পঢ়িব অহা লোকসকল মছজিদৰ পৰা পলায়ন কৰে।

    কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধ কৰিবলৈ দেশজুৰি ২১ দিনীয়া লকডাউন জাৰি কৰিছে। এই লকডাউন জাৰি কৰাৰ পিছতে প্ৰতিটো ধৰ্মীয়স্থান বন্ধ হৈ পৰিছে। চৰকাৰে ধাৰাবাহিকভাৱে সামাজিক দূৰত্ব বজাই ৰাখিবলৈ আহ্বান জনাই আছে। এই ভাইৰাছৰ পৰা ৰক্ষা পাবলৈ এইটো এটা বিশেষ উপায়। ইয়াৰ পিছতো জুমেৰ নামাজ পঢ়িবলৈ কন্নৌজৰ জামা মছজিদত ভিৰ একত্ৰিত হয়।

    উত্তৰ প্ৰদেশ চৰকাৰে আৰক্ষীক কঠোৰ নিৰ্দেশ প্ৰদান কৰিছে যে লকডাউন ভংগকাৰীৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা যাওক আৰু ইয়াৰ আধাৰতে আৰক্ষীয়ে মছজিদৰ পৰা লোকসকলক আঁতৰাবলৈ চেষ্টা চলাইছিল কিন্তু লোকসকলে আৰক্ষীৰ ওপৰতেই আক্ৰমণ চলায়।

    Photo credit: swarajyamag.com

    Published:

    2 COMMENTS

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং