কেন্দ্ৰীয় চৰকাৰে এইবাৰৰ তৃতীয় পৰ্যায়ৰ লকডাউনত কিছু পৰিমাণৰ ৰেহাই প্ৰদান কৰিছে। লকডাউনত প্ৰতিটো জনত(ৰেড, গ্ৰীণ আৰু অৰেঞ্জ)ত সুৰাৰ দোকান খুলি দিয়া হৈছে। দিল্লী চৰকাৰে পুৱা ৯ বজাৰ পৰা সন্ধিয়া ৬.৩০ বজালৈ সুৰাৰ দোকান খোলাৰ অনুমতি প্ৰদান কৰিছে। সুৰাৰ দোকানসমূহ খোলাৰ লগে লগে দোকানসমূহত দীঘলীয়া শাৰী দেখিবলৈ পোৱা যায়।
সামাজিক দূৰত্ব বজাই ৰাখিবলৈ কোৱাৰ পিছতো এই নিয়ম পালন নকৰাত লাঠী চলাবলৈ বাধ্য হয়। ভিৰ ইমানে হৈছিল যে কেইবাটাও এলেকাত দিল্লী আৰক্ষীয়ে সুৰাৰ দোকানসমূহ বন্ধ কৰি দিয়ে।

দিল্লীৰ সুৰাৰ দোকানৰ সন্মুখত আৰক্ষী বিষয়াৰ লাঠীচালনা। সামাজিক দূৰত্ব বজাই ৰখাৰ নিয়ম পালন নকৰাৰ বাবে খালে লাঠিৰ কোব।

উল্লেখ্য যে ২৪ মাৰ্চৰ পিছৰে পৰা লকডাউনৰ বাবে সমগ্ৰ দেশত সুৰাৰ দোকানসমূহ বন্ধ হৈ আছিল। তৃতীয় পৰ্যায়ৰ লকডাউন ঘোষণা কৰাৰ পিছত সুৰা-পান-গুটখাৰ দোকানসমূহ খুলি দিয়া হৈছে।
সুৰাৰ দোকানসমূহ সামাজিক দূৰত্ব বজাই ৰাখিছেনে সেয়া প্ৰত্যক্ষ কৰিবলৈ আৰক্ষীৰ লোকসকলক সাধাৰণ পোছাকতে সুৰাৰ দোকানত উপস্থিত হয়।

সোমবাৰৰ দিনটোত সুৰাৰ দোকানসমূহ খোলাৰ লগে লগতে পুৱা ৮ বজাৰ পৰা দীঘলীয়া শাৰীৰ সৃষ্টি হয়। ইয়াৰ মাজতে কোনেও সামাজিক দূৰত্ব বজাই নাৰাখিলে। কেইবাটাও স্থানত ২-২কিঃমিঃ লৈ দীঘলীয়া শাৰী হয়। যাৰ বাবে দিল্লী আৰক্ষীয়ে কেইবাখনো সুৰাৰ দোকান বন্ধ কৰি দিয়ে। কাৰণ ভিৰ অনিয়ন্ত্ৰিত হৈ পৰিছিল। কাশ্মীৰী গেটৰ সমীপত আৰক্ষীয়ে লাঠি চলাই ভিৰ আঁতৰাবলৈ বাধ্য হয়।
গৃহ মন্ত্ৰালয়ে লকডাউনৰ নিয়ম ৰেহাই দিয়াৰ পিছত সুৰাৰ প্ৰায় ১৫০খন দোকানহে খুলিবলৈ অনুমতি প্ৰদান কৰে। চহৰখনত চৰকাৰী এজেঞ্চী আৰু ব্যক্তিগতভাৱে চলোৱা ৮৫০খন সুৰাৰ দোকান আছে।
উল্লেখ্য যে সুৰাৰ বিক্ৰীৰ ফলত ৰাজ্য চৰকাৰে ৰাজহৰ এটা বৃহৎ অংশ লাভ কৰে। যাৰ বাবে দীঘলীয়া সময় ধৰি এই দোকানসমূহ খোলাৰ দাবী জনাইছিল। দিল্লীত প্ৰতিখন সুৰাৰ দোকান খোলাৰ বাবে অনুমতি প্ৰদান কৰা নাই। মল আৰু বজাৰত সুৰাৰ দোকান খোলাত নিষেধাজ্ঞা প্ৰদান কৰা হৈছে। এবাৰত দোকানত ৫জনতকৈ অধিক লোক ভিৰ কৰিব নোৱাৰে।
Photo credit: navbharattimes.indiatimes.com