21 C
Guwahati
Tuesday, December 7, 2021
More

    প্ৰধান শিক্ষক হ’লগৈ ফল বেপাৰী, লকডাউনে সলালে জীৱিকা

    কৰ’ণাৰ বাবে লকডাউন আৰু এই লকডাউনে সলালে জীৱিকাৰ পথ। এজন প্ৰধান শিক্ষক হ’লগৈ ফলৰ বেপাৰী।

    এই ঘটনা বক্সাৰ। বিদ্যালয় বন্ধ থকাত ফলমুলৰ দোকান দি জীৱন নিৰ্বাহ বাক্সাৰ এজন প্ৰধান শিক্ষকৰ।

    কিছু কিছু ঠাইত লকডাউন শিথিলৰ লগে লগে একাংশলোক নিজৰ নিজৰ কামত ব্যস্ত হৈ পৰিছে ৷ এতিয়া তেওঁলোকে একপ্ৰকাৰ স্বাভাবিক জীৱন যাপন কৰিবলৈ আৰম্ভ কৰিছে ৷

    কিন্তু ৰাজ্যত কিছু সংখ্যক এনেকোৱা বৃত্তিধাৰী লোক আছে যি সকল লোকৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা৷

    যি সকলে নিজৰ পৰিয়ালটো পোহপাল দিবলৈ বাচি লব লগা হৈছে অন্য উপায়৷

    তাৰেই উদাহৰণ পেচাত এজন শিক্ষক এই দিগন্ত ডেকা নামৰ লোকজন।

    বাক্সা জিলাৰ মুছলপুৰ মহকুমাৰ বৰবৰী শংকৰদেৱ শিশু নিকেতনৰ বৰ্তমানৰ প্ৰধান আচাৰ্য তেওঁ ৷

    চাৰিমাহ ধৰি কৰ’ণা মহামাৰীৰ বাবে নিকেতন বন্ধ হৈ থকাত ছাত্ৰ ছাত্ৰীৰ পৰা আহিব লগা মাচুলো বন্ধ হৈ পৰিছে যাৰ বাবে শিক্ষানুষ্ঠানখনত শিক্ষা দান কৰাৰ বাবদ যি খিনি মাননি পায় তাৰ পৰাও বঞ্চিত হব লগা হৈছে ৷

    অতি নিম্নতম মাননীৰে কোনোমতে পৰিয়ালটোক পোহ-পাল দি থকা নিকেতন খনৰ প্ৰধান আচাৰ্য দিগন্ত ডেকাই অৱশেষত পৰিয়ালৰ ভৰণ পোষণৰ তাগিদাত ফল মূল আৰু পাচলিৰ ব্যৱসায়ত ধৰিবলৈ বাধ্য হয় ৷

    সমাজত সৎ আৰু দক্ষ শিক্ষক হিচাপে পৰিচিত লেক জনৰ এই পদক্ষেপৰ বাবে একাংশলোকে প্ৰশংসা কৰিছে।

    দিগন্ত ডেকাৰ দৰে হয়তো অন্য আৰু বহু ব্যক্তিগত খণ্ডৰ শিক্ষকে এনেদৰে আৰ্থিক অনাটনত দিন কটাব লগাত পৰিছে ৷

    এফালে বৃত্তিৰ মৰ্যদা ৰখাৰ তাগিদা আনফালে পৰিয়াল ভৰণ পোষণৰ তাগিদা ৷

    এতিয়া প্ৰশ্ন হয় এই সকল লোকলৈ চৰকাৰৰ সুদৃষ্টি পৰিব নে!

    PHoto Credit: @nandaburathokichetry

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং