29 C
Guwahati
Monday, October 25, 2021
More

    গহপুৰত লক ডাউনৰ সময়ত এম্বুলেঞ্চে মাৰিছে ভাড়া; যাত্ৰী আৰু ড্ৰাইভাৰক কাণত ধৰাই আঠুকঢ়ালে আৰক্ষীয়ে

    আনহাতে ভিতৰুৱা অঞ্চলৰ একাংশ টেম্পোয়ে বেমাৰী অনা অচিলা লৈ ভাড়া মৰা ধৰা পৰে আৰক্ষীৰ হাতত

    বিশ্বজুৰি মহামাৰী কৰ’ণাক লৈ এক আতংকময় পৰিৱেশ। ভাৰতবৰ্ষতো ভয়াৱহ ৰূপ লোৱা কৰ’ণা প্ৰতিৰোধৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ২১ দিনৰ বাবে সমগ্ৰ ভাৰতবৰ্ষত লক ডাউন ঘোষণা কৰিছে। ভাৰতৰ অংগৰাজ্য অসমত এতিয়ালৈকে এজনো কৰ’ণা আক্ৰান্ত ৰোগী চিনাক্ত হোৱা নাই যদিও অসমত এই ৰোগ সংক্ৰমণ নহ’বৰ বাবে অসম চৰকাৰে গ্ৰহণ কৰিছে বিভিন্ন ফলপ্ৰসূ কাৰ্য্যসূচী।

    অসমৰ আন আন প্ৰান্তৰ দৰে বিশ্বনাথ জিলাৰ অন্তৰ্গত গহপুৰ মহকুমাত মহকুমা প্ৰশাসন আৰু স্বাস্থ্য বিভাগে অসম চৰকাৰে কৰ’ণা সংক্ৰমণ প্ৰতিৰোধৰ বাবে ঘোষণা কৰা প্ৰতিটো নীতি-নিৰ্দেশনা কাৰ্য্যকৰী কৰিবলৈ কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে। এইক্ষেত্ৰত লক ডাউনৰ সময়ত জৰুৰী কামৰ বাহিৰে কোনো লোক যাতে ঘৰৰ পৰা বাহিৰলৈ ওলাব নোৱাৰাৰ অচিলা লৈ একাংশ জৰুৰীকালীন সেৱাত ব্যৱহাৰ হোৱা এম্বুলেঞ্চে মাৰিছে ভাড়া৷

    বিশ্বনাথ চাৰিআলিৰ পৰা যাত্ৰী কঢ়িয়াই অনা এম্বুলেঞ্চখন গহপুৰ আৰক্ষীৰ সন্দেহ হোৱাত ৰখোৱাৰ পিছত ওলাই পৰিল ওৰহি গছৰ ওৰ৷ যাৰবাবে যাত্ৰী আৰু ড্ৰাইভাৰক কাণত ধৰাই আঠুকঢ়ালে আৰক্ষীয়ে৷ আনহাতে ভিতৰুৱা অঞ্চলৰ একাংশ টেম্পোয়ে বেমাৰী অনা অচিলা লৈ ভাড়া মৰা ধৰা পৰে আৰক্ষীৰ হাতত৷ আনহাতে এনেবোৰ কাণ্ড দেখি ৰাজপথত নিজে অভিযান চলালে গহপুৰৰ বিধায়ক উৎপল বৰাই৷

    Photo: Time8

    Published:

    2 COMMENTS

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং