25 C
Guwahati
Thursday, October 6, 2022
More

    লক ডাউনঃ সুৰা নাপাই স্পিৰিট সেৱন কৰি যোৰহাটত যুৱকৰ মৃত্যু

    কল্ডড্ৰিংকছৰ সৈতে বিষাক্ত স্পিৰিট মিশ্ৰন কৰি সেৱন কৰিছিল ৪জন যুৱকে

    লক ডাউনৰ বাবে সকলোবোৰ সুৰাৰ বিপণী বন্ধ থকাত সুৰা নাপাই চাৰি যুৱকে সেৱন কৰিলে বিষাক্ত স্পিৰিট।কল্ডড্ৰিংকছৰ সৈতে বিষাক্ত স্পিৰিট মিশ্ৰন কৰি সেৱন কৰিছিল ৪জন যুৱকে।৪ যুৱকৰ ভিতৰত শুভৰাজ ৰজ্জক নামৰ এজন যুৱকৰ মৃত্যু।

    আন ৩জন যুৱক ক্ৰমে জিতেন্দ্ৰ চাহু, মনোজ চাহু আৰু বিকী চাহু বৰ্তমান চিকিৎসাধীন। বিকি চাহুৰ অৱস্থা বৰ্তমান সংকটজনক বুলি জানিব পৰা গৈছে। যোৰহাটৰ মিছন হাস্পতালত চিকিৎসাধীন হৈ আছে বিকি।যোৰহাটৰ বৰুৱা চাৰ্জিকেলত চিকিৎসাধীন জিতেন্দ্র চাহু আৰু মনোজ চাহু।সমগ্ৰ ঘটনাটোৱে অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং