27 C
Guwahati
Wednesday, October 13, 2021
More

    শীঘ্ৰেই প্ৰকাশ পাব জনপ্ৰিয় ‘বৰকটকী কোম্পানী’ৰ অসমীয়া কেলেণ্ডাৰৰ ডিজিটেল সংস্কৰণ

    অসমীয়াৰ অতিকৈ আদৰৰ এই কেলেণ্ডাৰখন এইবাৰ লাভ নকৰিলে কৰ'ণা ভাইৰাছ ৰুধিবলৈ চৰকাৰে জাৰি কৰা লক ডাউনৰ বাবে

    অসমীয়া মানুহৰ অতিকৈ আপোন ‘বৰকটকী কোম্পানী’ৰ অসমীয়া কেলেণ্ডাৰখন। বহাগ বিহু অহাৰ লগে লগে মানুহৰ ঘৰ শুৱনি কৰে এই কেলেণ্ডাৰখনে। সকলোৰে পৰিচিত ‘বৰকটকী কোম্পানী’ৰ অসমীয়া কেলেণ্ডাৰখন এইবাৰ অসমবাসীয়ে লাভ নকৰিলে কৰ’ণা ভাইৰাছ ৰুধিবলৈ চৰকাৰে জাৰি কৰা লক ডাউনৰ বাবে। প্ৰতিবছৰে মাৰ্চৰ শেষৰ সপ্তাহত উপলব্ধ হোৱা জনপ্ৰিয় অসমীয়া কেলেণ্ডাৰখনৰ অভাৱ এইবাৰ অনুভৱ কৰিছে সকলোৱে।

    এই অসমীয়া কেলেণ্ডাৰখনৰ ১০ লাখতকৈয়ো অধিক কপি প্ৰকাশ পাই আহিছে।আমেৰিকা, বৃটেইন, অষ্ট্ৰেলিয়া আদি দেশলৈও ২০-২২ হাজাৰ কপি কৰা হয় প্ৰেৰণ।দিন, তিথি-বছৰ কেনেদৰে যাব পৰম্পৰা অনুসৰি চাবলৈ ব্যৱহাৰ কৰা হয় এই কেলেণ্ডাৰখন।ঘৰত পাতিব লগা সকাম, পূজা, বিয়া তথা বিভিন্ন মাংগলিক অনুষ্ঠানৰ বাবে অসমীয়া মানুহে নিৰ্ভৰ এই কেলেণ্ডাৰখনৰ ওপৰত। আনকি কৃষকসকলৰ হালজোৰা, গুটি সিঁচা সময় পৰ্যন্ত আগবঢ়াই আহিছে এই কেলেণ্ডাৰখনে।

    নতুন বছৰত বৰ্ষ চক্ৰ গণনাৰ বাবেও বহু লোকে এই কেলেণ্ডাৰখনৰ ওপৰতে নিৰ্ভৰ কৰে। লকডাউনৰ ফলত বৰ্তমান ছপাশালতে পেকেট কৰি থোৱা হৈছে কেলেণ্ডাৰসমূহ। লকডাউন খোলাৰ লগে লগেই বজাৰত উপলব্ধ হৈ পৰিব কেলেণ্ডাৰসমূহ। শীঘ্ৰেই অসমীয়া ভাষাত মোবাইল এপ মুকলি কৰি বৰকটকী কোম্পানীৰ অসমীয়া কেলেণ্ডাৰখনৰ ডিজিটেল সংস্কৰণ প্ৰকাশ কৰা হ’ব বুলি জানিবলৈ দিয়ে বৰকটকী কোম্পানীৰ স্বত্ত্বাধিকাৰীয়ে।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং