28 C
Guwahati
Tuesday, October 4, 2022
More

    লকডাউনৰ প্ৰভাৱ, ৬০ বছৰৰ মূৰত সাগৰৰ পাৰত দেখা গ’ল বিৰল দৃশ্য

    স্থানীয় বাসিন্দা সকলে এই দৃশ্য দেখি আপ্লুত

    কৰ’ণাই সমগ্ৰ বিশ্বৰে মানুহৰ মাজত সন্ত্ৰাস বিয়পালেও প্ৰকৃতিৰ বাবে হৈ আহিছে এক মহৎ দান। প্ৰকৃতিৰ সকলো ফালেই এতিয়া কৰ’ণা হৈ পৰিছে আশীৰ্বাদ স্বৰূপ। ৰাজপথত মানুহ নথকাত এতিয়া জীৱ-জন্তুই মুকলিভাৱে বিচৰণ কৰিব পাৰিছে। প্ৰদূষণ নথকা মুকলি আকাশতো চৰাই চিৰিকটিয়ে মুক্ত বিচৰণ কৰিব পাৰিছে।

    সকলো ফালেই দেখা দিছে প্ৰকৃতিৰ নব্য ৰূপ। তাৰেই এক বিৰল দৃশ্য দেখা পোৱা গ’ল সাগৰৰ পাৰত। সুদীৰ্ঘ ৬০ বছৰৰ মূৰত মেক্সিকোৰ সাগৰৰ পাৰত জিলিকি উঠিল এক অদ্ভুদ পোহৰেৰে। প্ৰদূষণ কম হোৱাত পৰিষ্কাৰ হৈ পৰিছে নৈ-সাগৰৰ পানী। দেখা পোৱা গৈছে সাগৰৰ গাঢ় নীলা ৰং। সেয়ে নিশাৰ সময়ত সাগৰৰ বালি পাৰত ঢৌ বোৰ হৈ আহে একো একোটা নীলা উজ্জল পোহৰৰ সমাহাৰ হৈ।

    মেক্সিকোৰ একাপুলক'(Acapulco) সাগৰৰ পাৰত ৬০ বছৰৰ মূৰত দেওবাৰৰ নিশা দেখা পোৱা এই বিৰল দৃশ্য। প্ৰতিটো ঢৌত পোহৰৰ সমাহাৰ। স্থানীয় বাসিন্দা সকলে এই দৃশ্য দেখি আপ্লুত।

    Photo Credit: amarujala, dailymail, rockzfast.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং