27 C
Guwahati
Saturday, October 23, 2021
More

    ২০ এপ্ৰিললৈকে অসম আৰক্ষীক কঠোৰৰ পৰা কঠোৰ হোৱাৰ নিৰ্দেশ জি পি সিঙৰ

    ২০ এপ্ৰিললৈকে দেশৰ প্ৰতিখন ৰাজ্যৰ পৰিস্থিতি সুক্ষ্মভাৱে নিৰীক্ষণ কৰা হ’ব

    ২৪ মাৰ্চত ঘোষণা কৰা ২১ দিনীয়া লকডাউনৰ আজি সামৰণি পৰিব। আজি পুৱা ১০ বজাত প্ৰধানমন্ত্ৰী মোদীয়ে সম্বোধন কৰে দেশবাসীক।কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰুধিবলৈ সমগ্ৰ দেশতে লক ডাউনৰ সময়সীমা বৃদ্ধি কৰা হ’ল ৩ মে’লৈ।এয়া কৰ’ণা সংক্ৰমণৰ সন্দৰ্ভত প্ৰধানমন্ত্ৰীৰ চতুৰ্থটো সম্বোধন। অহা ৩ মে’লৈকে দেশৰ জনসাধাৰণে লকডাউনৰ নিয়ম পালন কৰিব লাগিব।মোদীয়ে কয় যে ৰাজ্যসমূহৰ লকডাউন বৃদ্ধি কৰাৰ পৰামৰ্শ গ্ৰহণ কৰি এই সিদ্ধান্ত ঘোষণা কৰা হৈছে।

    অহা ২০ এপ্ৰিললৈকে দেশৰ প্ৰতিখন ৰাজ্যৰ পৰিস্থিতি সুক্ষ্মভাৱে নিৰীক্ষণ কৰা হ’ব।লক ডাউনৰ সময়ছোৱাত কঠোৰ স্থিতি গ্ৰহণ কৰা হ’ব বুলিও প্ৰধান মন্ত্ৰীয়ে স্পষ্ট কৰি দিয়ে।এই সন্দৰ্ভত অসম আৰক্ষীলৈ এক আহ্বান জনাই টুইট কৰিছে অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙে। টুইটত জি পি সিঙে লিখিছে- ”আৰক্ষী বন্ধুসকল আহক ২০ এপ্ৰিললৈ আমি দয়াহীন হওঁ।” টুইটাৰত জি পি সিঙে স্পষ্টকৈ কঠোৰ হ’বলৈ আহ্বান জনাইছে অসম আৰক্ষীক।চৰকাৰী নিৰ্দেশনা ভংগকাৰীৰ বিৰুদ্ধে এইবাৰ কঠোৰৰ পৰা কঠোৰ হ’ব অসম আৰক্ষী।

    Photo Credit: Times Of India

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং