26 C
Guwahati
Monday, October 3, 2022
More

    লকডাউন ৫.০: কি কি থাকিব পৰৱৰ্তী লকডাউনত গৃহমন্ত্ৰী সৈতে প্ৰধানমন্ত্ৰীৰ আলোচনা

    ৩১ মে’ত মোদীয়ে মন কী বাত অনুষ্ঠানত এই সম্পৰ্কে ঘোষণা কৰিব বুলি অনুমান কৰা হৈছে

    লকডাউনৰ পঞ্চম চৰণত থাকিব কি কি? ইয়াকে লৈ এতিয়া প্ৰতিদিনেই আলোচনা অব্যাহত আছে দেশৰ প্ৰধানমন্ত্ৰী আৰু গৃহমন্ত্ৰীৰ মাজত। কালি ২৮ মে’ বৃহস্পতিবাৰেও কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে প্ৰতিখন ৰাজ্যৰ মুখ্যমন্ত্ৰী সৈতেও আলোচনা কৰে এই সন্দৰ্ভত। মোদীয়েও এতিয়া নতুন ৰণনীতি বনোৱাত ব্যস্ত, কিদৰে কৰ’ণাৰ পৰা দূৰত থাকি এই লকডাউনত চলিব পৰা যাব।

    কালি মুখ্যমন্ত্ৰী সকলৰ সৈতে হোৱা আলোচনাতো পৰৱৰ্তী লকডাউন সম্পৰ্কত মতামত গ্ৰহণ কৰে। গৃহ মন্ত্ৰী শ্বাহে ৩১ মে’ৰ নিশা অন্ত পৰিবলগীয়া লকডাউন-৪ৰ পাছৰ লকডাউন সম্পৰ্কে চিন্তা-চৰ্চা তথা বৰ্তমানৰ সমস্যা সমূহৰ বিষয়ে আলোচনা কৰে।

    আনহাতে পৰৱৰ্তী লকডাউন দুসপ্তাহৰ বাবে বৃদ্ধি কৰাটো প্ৰায় নিশ্চিত হৈছে। নাগৰিকৰ সুৰক্ষাৰ দিশটো আগত ৰাখি চৰকাৰে অধিক শিথিলতা আনি কিদৰে অৰ্থৈনিতক ব্যৱস্থা উন্নত কৰি তুলিব পাৰি তাৰেই ওপৰত অহৰ্নিশে চেষ্টা চলাই আছে। লকডাউন ৫.০ত কৰ’না সংক্ৰমণ একেৰাহে বৃদ্ধি পাই থকা ১১খন চহৰত লকডাউনৰ কঠোৰ নিয়ম বলবৎ থাকিব।

    Photo Credit: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং