তামুলপুৰত এখন ৫ লাখ টকীয়া বাঁহৰ দলং নিৰ্মাণ কৰিলে স্থানীয় ৰাইজে৷ দীৰ্ঘদিনে চৰকাৰ তথা প্ৰশাসনক দলংখন নিৰ্মাণ কৰিবলৈ আহ্বান জনাইছিল যদিও গুৰত্ব দিয়া নাছিল। যাৰ বাবে এই ৫ লাখ টকীয়া বাঁহৰ দলংখন সাজি উলিয়াইছে ৰাইজে।
দলংখন বৰ্তমান সম্পূৰ্ণ হয় উঠা নাই যদিও এই দলংখনে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে। ৫৮নং তামুলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত কুমাৰীকাটা-কাউলী সংযোগী পথৰ মটঙানদীৰ ওপৰত নিৰ্মাণ কৰা হৈছে এই দলংখন। দলংখন কোনো স্থানীয় জনপ্ৰতিনিধিয়ে আধাৰশিলা স্থাপন কৰি অথবা কোনো ধৰণৰ চৰকাৰী আঁচনিৰে নিৰ্মাণ কৰা হোৱা নাই।
৩ খন গাঁঁৱৰ কেইবাজনো লোকে নিজৰ নিজৰ ধনেৰে দিনে নিশাই নিৰ্মাণ কৰি আছে দলংখন। পূৰ্বেও ৰাইজে মিলি সাজি উলিয়াইছিল দুখন বাঁহৰ দলং কিন্তু দুয়োখন দলঙে বাঢ়নী পানীৰ সোঁতে উটুৱাই লৈ গৈছিল। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি গাঁৱৰ ৰাইজে মিলি ৩জনকৈ জনপ্ৰতিনিধিক মটঙানদীৰ ওপৰত দলং নিৰ্মাণৰ বাবে স্থানীয় লোকসকলে বহুবাৰ আবেদন নিবেদন কৰাৰ পিছতো কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে বুলি অভিযোগ উত্থাপন কৰে।
ইতিমধ্যে আগতে নিৰ্মাণ কৰা দুখন বাঁহৰ দলং বাৰিষাৰ বাঢ়ণি পানীৰ সোঁতে উটুৱাই নিয়ে। স্থানীয় ৰাইজৰ অভিযোগ অনুসৰি তেওঁলোকে তিনিজনকৈ জনপ্ৰতিনিধিক উক্ত পথটোৰ মটঙানদীৰ ওপৰত দলং নিৰ্মাণৰ বাবে স্থানীয় লোকসকলে বহুবাৰ আবেদন নিবেদন কৰাৰ পিছতো কোনো ধৰণৰ গুৰুত্ব প্ৰদান নকৰিলে বুলি অভিযোগ কৰে। যাৰ বাবে অঞ্চলটোৰ ৰাইজ বছৰ বছৰ ধৰি যাতায়তৰ বাবে জীয়াতু ভুগিবলগীয়া হৈছে। অৱশেষত স্থানীয় লোকসকলে নিজৰ গাঠিৰ ধন পাঁচ লাখ টকা খৰচ কৰি নিৰ্মাণ কৰে বহু দীঘলীয়া বাঁহৰ দলং। দলংখন এটা সপ্তাহৰ পিছতেই ৰাইজৰ বাবে মুকলি কৰি দিয়া হ’ব বুলি জনাইছে।
Guwahati | Edited by: Dulu Medhi | First Published: Aug 22, 2019