নৰেন্দ্ৰ মোদীক হনুমানৰ ৰূপ আখ্যা ব্ৰাজিলৰ ৰাষ্ট্ৰপতিৰ। ‘হনুমানে সঞ্জীৱনী বুটিৰে লক্ষ্মণক সহায় কৰিছিল, মোদীয়ে সহায় কৰিছে বিশ্ববাসীক বুলি মন্তব্য কৰিছে ব্ৰাজিলৰ ৰাষ্ট্ৰপতিগৰাকীয়ে। হাইড্ৰ’ক্সিক্লৰ’কুইনক সঞ্জীৱনী বুটি আখ্যা ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জেইৰ বলচ’নাৰোৰ। টুইটযোগে মোদীক অভিনন্দন জেইৰ বলচ’নাৰোৰ। সমগ্ৰ বিশ্বতে মহামাৰীৰ ৰূপ ধাৰণ কৰিছে কৰ’ণা ভাইৰাছে।
মহামাৰী কৰ’ণাৰ পৰা এতিয়া যেন বিশ্বক কেৱল ভাৰতেহে উদ্ধাৰ কৰিব পাৰিব। আমেৰিকাৰ পিছত এইবাৰ হাইড্ৰ’ক্সিক্লৰ’কুইন বিচাৰি হনুমান জয়ন্তীৰ দিনটোতেই ভাৰতৰ পৰা সহায় বিচাৰিলে ব্ৰাজিলে। সহায় প্ৰাৰ্থনা কৰি ব্ৰাজিলৰ ৰাষ্ট্ৰপতিয়ে কয় যে যি দৰে হমুমানে সঞ্জীৱনী আনি লক্ষ্মণৰ প্ৰাণৰক্ষা কৰিছিল ঠিক সেইদৰে ভাৰতেও হাইড্ৰ’ক্সিক্লৰ’কুইন দি কৰ’ণাৰ পৰা সকলো বিশ্বকে উদ্ধাৰ কৰক।
এখন চিঠিৰ জৰিয়তে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জাইৰ বলচোনৰো(Jair Bolsonaro)য়ে নৰেন্দ্ৰ মোদীৰ পৰা সহায় বিচাৰিছে। মেলেৰিয়া ৰোগৰ চিকিৎসাত ব্যৱহৃত হাইড্ৰ’ক্সিক্লৰ’কুইন ঔষধৰ সহায় বিচাৰি অনুৰোধ। পত্ৰখনত লগতে ব্ৰাজিলৰ ৰাষ্ট্ৰপতিগৰাকীয়ে এয়াও উল্লেখ কৰে যে, এই সহায় হেনো একেবাৰে ৰামায়ণত হনুমানে সঞ্জীৱনী আনি লক্ষ্মণক জীৱন দান দিয়াৰ দৰে।সমগ্ৰ বিশ্বত কৰ’ণা ভাইৰাছে সংহাৰী ৰূপ ধাৰণ কৰাৰ পাছত বিশ্ব বজাৰত হাইড্ৰ’ক্সিক্লৰ’কুইনৰ চাহিদা যথেষ্ট বৃদ্ধি পাইছে।
এই ভাইৰাছৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্রপতি ড’নাল্ড ট্ৰাম্পেও ভাৰতৰ পৰা সহায় বিচাৰিছিল। আনকি ভাৰতে হাইড্ৰ’ক্সিক্লৰ’কুইনৰ যোগান নধৰিলে ভাৰতক প্ৰত্যুত্তৰ দিয়া হ’ব বুলি ভাবুকি প্ৰদান কৰিছিল।উল্লেখযোগ্য যে, ভাৰতত আই চি এম আৰে হাইড্ৰ’ক্সিক্লৰ’কুইনক কৰ’ণা ৰোগীৰ চিকিৎসাৰ ক্ষেত্ৰত ব্যৱহাৰ কৰাৰ বাবে অনুমতি প্ৰদান কৰাৰ পিছতে এইদৰে বিশ্বতো চাহিদা বৃদ্ধি পাইছে এই ঔষধৰ।
Photo Credit: PTI