ভাৰতীয় সেনাৰ নতুন মূৰব্বী হ’ল লেফ্টেনেণ্ট জেনেৰেল মনোজ মুকুন্দ নাৰাৱানে। ৩১ ডিচেম্বৰ, ২০১৯ত জেনেৰেল বিপিন ৰাৱাটে সেনা প্ৰধান পদৰ পৰা অৱসৰ গ্ৰহণ কৰাৰ লগে লগেই বৰ্তমানৰ সেনা প্ৰধানৰ দায়িত্ব গ্ৰহণ কৰিলে মনোজ মুকুন্দ নাৰাৱানেই।

চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত মনোজ মুকুন্দ নাৰাৱানেই ভাৰতীয় সেনাৰ উপ–প্ৰমুখৰ দায়িত্ব লাভ কৰিছিল। ভাৰতৰ ২৮ সংখ্যক সেনা প্ৰধান ৰূপে দায়িত্বভাৰ গ্ৰহণ লেফটেনেণ্ট জেনেৰেল মনোজ মুকুন্দ নাৰাৱানেৰ।