30 C
Guwahati
Wednesday, October 27, 2021
More

    চাচনীত পিঞ্জৰাৱদ্ধ নাহৰফুটুকী; বনৰজাৰ লগত চেল্ফি মাৰিবলৈ ভিৰ গাঁওবাসীৰ

    গাওঁবাসীৰ দাবী বিচৰণ কৰি থকা আন কেইটাও বাঘ অতিশীঘ্ৰে পিঞ্জৰাবদ্ধ কৰিব লাগে

    নাহৰকটীয়া চাচনী শিলকচুবাম গাঁৱত পিঞ্জৰাবদ্ধ নাহৰফুটুকী। পিঞ্জৰাত তৰ্জন গৰ্জন বনৰজাৰ। দীৰ্ঘদিন ধৰি অঞ্চলটোৰ গৰু ছাগলী ভক্ষণেৰে আতংকৰ সৃষ্টি কৰিছিল বনৰজাই। উল্লেখযোগ্য যে দীৰ্ঘদিন অঞ্চলটোত আতংকৰ সৃষ্টি কৰাৰ লগতে কচুবাম গাঁৱৰ কেইবাজনো লোকক আক্ৰমণ কৰি গুৰুতৰভাবে আঘাতপ্ৰাপ্ত কৰিছিল নাহৰফুটুকীটোৱে।

    আনকি এই নাহৰফুটুকী বাঘটোৰ আক্ৰমণত এতিয়াও ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত মৃত্যুৰে যুঁজি আছে কচুবাম গাঁৱৰ ৰঞ্জন মন্ত্ৰী নামৰ এজন লোক। ইফালে নাহৰফুটুকী বাঘটো শুকুৰবাৰে পুৱা আৱদ্ধ হয় বন বিভাগে স্থাপন কৰা এটা পিঞ্জৰাত। বনৰজাক ওচৰৰ পৰা এবাৰ চোৱাৰ লগতে বাঘৰ লগত একপি চেল্ফি মাৰিবলৈ ভিৰ কৰেহি গাওঁবাসীয়ে।

    আনহাতে দীৰ্ঘদিন ধৰি আতংক সৃষ্টি কৰা নাহৰফুটুকীটো পিঞ্জৰাবদ্ধ হোৱাত এতিয়া স্বষ্টিৰ নিঃশ্বাস এৰিছে গাওঁবাসীয়ে । গাওঁবাসীৰ দাবী বিচৰণ কৰি থকা আন কেইটাও বাঘ অতিশীঘ্ৰে পিঞ্জৰাবদ্ধ কৰিব লাগে। পিঞ্জৰাবদ্ধ নাহৰফুটুকী বাঘটো জয়পুৰ বৰ্ষাৰণ্যত মোকলাই দিব বন বিভাগে।

    Photo Credit: @abdulrajjak

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং