24 C
Guwahati
Friday, March 31, 2023
More

    Breaking: টিংখাঙত বাগিচাৰ কৰ্মচাৰীৰ বাসগৃহত সোমাল নাহৰফুটুকী,গুৰুতৰভাৱে আহত ২ যুৱক

    দীপক গগৈ নামৰ কৰ্মচাৰীজনৰ বাসগৃহতে এতিয়াও আশ্ৰয় লৈ আছে বাঘটোৱে

    টিংখাঙৰ বামুণবাৰী চাহ বাগিচাত আতংকময় পৰিস্থিতি৷ বাগিচাৰ কৰ্মচাৰীৰ বাসগৃহত সোমাল নাহৰফুটুকী৷ নাহৰফুটুকীটোৰ আক্ৰমণত গুৰুতৰভাৱে আহত ২ যুৱক। বাঘৰ আক্ৰমণত আহত কিস্মত তাঁতী আৰু পৰেশ গোৱালা নামৰ দুজন যুৱক।

    বামুণবাৰী বাগিচাখনৰ চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা প্ৰদানৰ পাছতে উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়ৰ AMCHলৈ প্ৰেৰণ কৰা হৈছে ৷ দীপক গগৈ নামৰ কৰ্মচাৰীজনৰ বাসগৃহতে এতিয়াও আশ্ৰয় লৈ আছে বাঘটোৱে৷ তিনিচুকীয়াৰ গুঁইজানৰ পৰা বন বিভাগৰ বিশেষ দল বাঘটো ট্ৰেংকুলাইজ কৰিবলৈ আহিব বুলি জানিব পৰা গৈছে৷

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং