25 C
Guwahati
Thursday, October 6, 2022
More

    ‘শ্বলে’ ছবিৰ ‘চুৰমা ভোপালী’ চৰিত্ৰৰে সফলতা অৰ্জন কৰা অভিনেতা জগদীপৰ দেহাৱসান

    বলীউডৰ কিংবদন্তি অভিনেতা তথা কমেডিয়ান জগদীপৰ শেষ নিশ্বাস ত্যাগ।

    মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮১ বছৰ। বাৰ্ধক্যজনিত কাৰণতে তেওঁ মৃত্যুক সাৱটি লয়।

    মুম্বাইস্থিত নিজৰ ঘৰতে নিশা ৮.৪০ বজাত সকলোকে এৰি থৈ গুচি যায় ‘চুৰমা ভোপালী’ চৰিত্ৰৰে জনপ্ৰিয় হোৱা অভিনেতা জগদীপ।

    তেওঁৰ প্ৰকৃত নাম আছিল ছৈয়দ ইস্তিয়াক আহেমদ।

    তেওঁৰ জন্ম হৈছিল ১৯৩৯ চনৰ ২৯ মাৰ্চত। জগদীপে ৪০০তকৈও অধিক ছবিত অভিনয় কৰিছে।

    ১৯৭৫ চনত মুকলি হোৱা ‘শ্বলে’ ছবিৰ ‘চুৰমা ভোপালী’ চৰিত্ৰৰে তেওঁ সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছিল।

    ইয়াৰোপৰি ‘পুৰাণা মন্দিৰ’ ছবিখনত মহৰ চৰিত্ৰ আৰু ‘অন্দাজ অপনা অপনা’ত চলমান খানৰ পিতৃৰ চৰিত্ৰই দৰ্শকৰ যথেষ্ট মনোৰঞ্জন হৈছিল।

    তেওঁ এখন ছবি পৰিচালনা কৰিছিল আৰু সেই ছবিখনৰ নাম আছিল ‘চুৰমা ভোপালী’।

    এই ছবিখনত মুখ্য চৰিত্ৰত তেওঁয়ে অভিনয় কৰিছিল।

    জগদীপে ছবি জগতত নিজৰ কেৰিয়াৰ আৰম্ভ কৰিছিল ১৯৫১ চনৰ বি আৰ চৌপ্ৰাৰ ছবি ‘অফছানা’ৰ পৰা।

    এই ছবিখনত জগদীপে সুন্দৰভাৱে শিশু চৰিত্ৰত অভিনয় কৰিছিল।

    ইয়াৰ পিছতো তেওঁ বহু কেইকন ছবিত শিশু চৰিত্ৰত অভিনয় কৰিছিল।

    ইয়াৰ ভিতৰত গুৰু দত্তৰ আৰ পাৰ, বিমল ৰায়ৰ দো বিঘা জমীনৰ দৰে সন্দুৰ ছবিত অভিনয় কৰিছিল।

    ‘হম পঞ্চী এক ডাল কে’ত তেওৰ অভিনয়ক সকলোৱে প্ৰশংসা কৰিছিল।

    লগতে ভাৰতৰ প্ৰথম প্ৰধানমন্ত্ৰী পণ্ডিত জৱাহৰলাল নেহৰুৱেও জগদীপৰ প্ৰশংসা কৰিছিল।

    জগদীপৰ দুটি সন্তান জাবেদ জাফৰী আৰু নাৱেদ জাফেৰীও মনোৰঞ্জন জগতৰ সৈতে জড়িত।

    উল্লেখ্য যে বিগত ৩ মাহত বলীউডৰ ডাঙৰ তাৰকা এই সংসাৰ ত্যাগ কৰিছে।

    Photo Credit: India Today

    Published:

    1 COMMENT

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং