24 C
Guwahati
Wednesday, May 24, 2023
More

    BJP নেতা স্ৱামী চিন্ময়ানন্দ বিৰুদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ তোলা আইনৰ ছাত্ৰীগৰাকী বৰ্তমান নিৰুদ্দেশ

    ৪ দিন ধৰি সন্ধান নাই অভিযোগকাৰী ছাত্ৰীৰ লগতে কলেজখনৰ আন কেইবাগৰাকী ছাত্ৰীৰো।

    নতুন মোৰ লৈছে উত্তৰ প্ৰদেশৰ শ্বাহজহানপুৰৰ এছএছ ল’ কলেজত অধ্যয়ন কৰা এলএলএমৰ ছাত্ৰী অপহৰণ কৰা ঘটনাই। ৪ দিন ধৰি সন্ধান নাই অভিযোগকাৰী ছাত্ৰীৰ লগতে কলেজখনৰ আন কেইবাগৰাকী ছাত্ৰীৰো।

    উল্লেখ্য যে, কিছুদিন পূৰ্বে BJP নেতাৰ বিৰুদ্ধে যৌন নিৰ্যাতন চলোৱা বুলি এগৰাকী যুৱতীয়ে ছচিয়েল মিডিয়াত আপলোড কৰিছিল এটা ভিডিঅ’। ছাত্ৰীগৰাকীৰ লগতে পৰিয়ালত ভাবুকি দিয়া বুলি উল্লেখ কৰিছিল ভিডিঅ’ত।

    ছাত্ৰীগৰাকীৰ এই ভিডিঅ’টো ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। ঘটনা সন্দৰ্ভত ছাত্ৰীগৰাকীৰ পিতৃ-মাতৃয়ে গোচৰ তৰিচে যদিও আৰক্ষীয়ে ঘটনা সন্দৰ্ভত বৰ্তমানলৈ কোনো ধৰণৰ তদন্ত আৰম্ভ কৰা নাই।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং