ফাঁচি কাঠত ওলোমোৱাৰ পূৰ্বে শেষ কাৰাগাৰ কৰ্তৃপক্ষই ইচ্ছা সুধিলে নিৰ্ভয়া কাণ্ডৰ চাৰি ধৰ্ষণকাৰীক। ফাঁচিৰ পূৰ্বে কাক লগ ধৰিব বিচাৰে অপৰাধীয়ে, বা নিজৰ নামত থকা সম্পত্তি কাৰ নামত কৰিব বিচাৰে নাইবা কোনো ধৰ্মীয় গ্ৰন্থ পঢ়িব বিচাৰে নেকি বুলি কাৰাগাৰ কৰ্তৃপক্ষৰ প্ৰশ্ন। ১ ফেব্ৰুৱাৰীৰ পূৰ্বে পূৰণ কৰা হ’ব অপৰাধী চাৰিজনৰ শেষ ইচ্চা।ফাঁচিৰ দিন চমু চাপি আহিছে নিৰ্ভয়া কাণ্ডৰ চাৰি অপৰাধীৰ। পূৰ্বৰ ২২ জানুৱাৰীৰ দিনটো পিছুৱাই ১ ফেব্ৰুৱাৰী কৰা হৈছিল এই নিৰ্দিষ্ট দিনটো।
আনহাতে নিৰ্ভয়া কাণ্ডৰ দোষীয়ে নিজৰ ফাঁচিৰ দিন পিছুৱাবলৈ ইটোৰ পিছত সিটোকৈ কৰি গৈছে অজুহাত তথা লাইফলাইনৰ ব্যৱহাৰ। সদ্যহতে অপৰাধী মুকেশৰ অন্তিম ক্ষমাৰ আৱেদনো নাকচ কৰিছিল উচ্চতম ন্যায়ালয়ে। লগতে তিহাৰ জে’ল কৰ্তৃপক্ষইয়ো আগবঢ়াই নিছে নিজৰ প্ৰক্ৰিয়া। সেই অনুসৰি নিৰ্ভয়া কাণ্ডৰ চাৰি দোষীক শেষ ইচ্ছাৰ কথা সুধিছে তিহাৰ জে’ল কৰ্তৃপক্ষই।
কাৰাগাৰ কৰ্তৃপক্ষই চাৰিওজন দোষীক জাননি জাৰি কৰি সুধিছে যে ১ ফেব্ৰুৱাৰীৰ নিৰ্ধাৰিত ফাঁচিৰ পূৰ্বে তেওঁলোকে শেষবাৰৰ বাবে কাক সাক্ষাৎ কৰিব বিচাৰে? কাৰাগাৰ কৰ্তৃপক্ষই সুধিছে যে তেওঁলোকৰ নামত যদি কোনো সম্পত্তি আছে, সেয়া কাৰোবাৰ নামত স্থানান্তৰ কৰিব বিচাৰে নেকি, কোনো ধৰ্মীয় গ্ৰন্থ পঢ়িব বিচাৰে নেকি বা কোনো ধৰ্মগুৰুক লগ পাব বিচাৰে নেকি? যদি বিচাৰে তেন্তে এই ইচ্ছা ১ ফেব্ৰুৱাৰীৰ পূৰ্বে পূৰণ কৰিব পাৰে।
Photo Credit: Time8 desk