29 C
Guwahati
Wednesday, October 13, 2021
More

    দেশত যদিও হ্ৰাস পাইছে ঘোচখোৰ কাণ্ড, কিন্তু বৰ্তমানো এটা বিভাগত দিব লগা হয় অধিক ঘোচ

    ২০খন ৰাজ্যত কৰা ছাৰ্ভে অনুসৰি ২০১৯ত ৪৯ শতাংশ লোকে ঘোচ দিয়া নাছিল ইয়াৰ বিপৰীতে ২৪ শতাংশ লোকে ক'লে যে তেওঁলোকে কেইবাবাৰো ঘোচ দিছে। ২৭ শতাংশ লোকে কৈছিল যে তেওঁলোকে এবাৰ বা দুবাৰ ঘোচ দিছে।

    বিগত কেইবাটাও দশক ধৰি উত্কোচৰ বাবে সাধাৰণ জনাতাই ভুগিবলগীয়া হৈছে বহু সমস্যাৰ। সৰু-বৰ কামৰ কাৰণে চৰকাৰী কাৰ্যালয়সমূহত দিবলগীয়া হয় ঘোচ কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ চৰকাৰ গঠন হোৱাৰ পিছৰে পৰা যথেষ্ট হ্ৰাস পাইছে এই ঘোচখোৰ কাণ্ডসমূহ। এটা ছাৰ্ভেত প্ৰকাশ পোৱা অনুসৰি, বিগত বছৰৰ তুলনাত দেশজুৰি হ্ৰাস পাইছে এই কাণ্ডসমূহ, কিন্তু ৫০ শতাংশ ভাৰতীয়ই কোৱা অনুসৰি ২০১৯তো তেওঁলোকে চৰকাৰী কাৰ্যালয়ত দিছে ঘোচ। Local circles Transparency Internationalয়ে কৰা ছাৰ্ভে অনুসৰি প্ৰকাশ পাইছে এই তথ্য।

    ২০খন ৰাজ্যত কৰা ছাৰ্ভে অনুসৰি ২০১৯ত ৪৯ শতাংশ লোকে ঘোচ দিয়া নাছিল ইয়াৰ বিপৰীতে ২৪ শতাংশ লোকে ক’লে যে তেওঁলোকে কেইবাবাৰো ঘোচ দিছে। ২৭ শতাংশ লোকে কৈছিল যে তেওঁলোকে এবাৰ বা দুবাৰ ঘোচ দিছে। বিগত বছৰ ২০১৮ত ২৭ শতাংশ লোকে কেইবাবাৰো ঘোচ দিছিল। বহুলোকে জনোৱা অনুসৰি ঘোচ অবিহনে চৰকাৰী বিষয়া বা কৰ্মচাৰীয়ে সময়ত কোনোধৰণৰ কাম নকৰে।

    ছাৰ্ভে অনুসৰি:
    ১. ১১খন ৰাজ্যত আটাইতকৈ অধিক ঘোচখোৰ কাণ্ড Property ৰেজিষ্ট্ৰেচন বা ভূমি সম্বন্ধীয় কাৰণৰ বাবে হয়।
    ২. ছাৰ্ভে অনুসৰি ৬খন ৰাজ্যত আটাইতকৈ বেছি খোচখোৰ বিভাগ আছে আৰক্ষীত।
    ৩. মধ্যপ্ৰদেশেই একমাত্ৰ ৰাজ্য য’ত আটাইতকৈ বেছি ভ্ৰষ্ট বিভাগ নিগম আছে।
    ৪. ৰাজস্থান, বিহাৰ, উত্তৰ প্ৰদেশ, তেলেংগানী, কৰ্ণাটক, তামিলনাডু, ঝাৰখণ্ড আৰু পঞ্জাৱত আটাইতকৈ অধিক খোচখোৰ কাণ্ড সংঘটিত হয়।
    ৫. ইফালে দিল্লী, হাৰিয়ানা, গুজৰাট, পশ্চিমবংগ, কেৰালা, গোৱা আৰু ওডি়শাত আটাইতকৈ কম খোচখোৰ কাণ্ড সংঘটিত হয়।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং