32 C
Guwahati
Friday, September 23, 2022
More

    ৪৫ কোটি টকা ব্যয়েৰে গোৱালপাৰাত নিৰ্মিত অসমৰ সৰ্ববৃহৎ ডিটেনচন কেম্প

    ডিটেনচন কেম্পত ৩ হাজাৰ বিদেশী ঘোষিত নাগৰিক থকাৰ ব্যৱস্থা কৰাৰ লগতে মহিলাসকলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

    কয়দী আৰু বিদেশী ঘোষিত নাগৰিকসকল একেখন কাৰাগাৰত থকাৰ বাবে উলংঘন হৈছে মানৱ অধিকাৰ। যাৰ বাবে ৰাষ্ট্ৰীয় মানৱ অধিকাৰ আয়োগৰ তত্ত্বাৱধানত ৰাজ্য চৰকাৰে ৬ খনকৈ ডিটেনচন কেম্প নিৰ্মাণৰ ব্যৱস্থা কৰি আছে। বিদেশী ন্যায়াধীকৰণে ঘোষিত বিদেশীসকলক থকাৰ বাবে এই পদক্ষেপ গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে।

    গোৱালপাৰাৰ মাটিয়া থানাৰ অন্তৰ্গত দলগোমাত ৪৫ কোটি টকা ব্যয়েৰে নিৰ্মাণ কৰি হৈছে ডিটেনচন কেম্প। বিগত বছৰৰ ডিচেম্বৰ মাহৰ পৰা আৰম্ভ হৈছে নিৰ্মাণ কাৰ্য। ডিটেনচন কেম্পত ৩ হাজাৰ বিদেশী ঘোষিত নাগৰিক থকাৰ ব্যৱস্থা কৰাৰ লগতে মহিলাসকলৰ বাবে বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে।

    ১৫টাকৈ বিল্ডিঙত থাকিব ৩ হাজাৰ কয়দী থাকিব। এটা বিল্ডিঙত থাকিব ২০০ জন কয়দী। কয়দীসকলৰ বাবে থাকিব ডাইনিং হল আৰু ৰন্ধা ঘৰ। কয়দীসকলক লগ ধৰিবলৈ অহা মানুহৰ বাবে থাকিব বিশেষ আপ্যায়নৰ ব্যৱস্থা।

    সৰু সৰু ল’ৰা-ছোৱালীৰ বাবে থাকিব সুকীয়া বিদ্যালয়, থাকিব চিকিৎসালয়। আগন্তুক নৱেম্বৰ আৰু ডিচেম্বৰ মাহৰ ভিতৰত নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈ উঠাৰ সম্ভাৱনা। বৰ্তমানলৈ ডিটেনচন কেম্পখনৰ প্ৰায় ৬৫%কাম সম্পূৰ্ণ হৈ উঠিছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং