12.5 C
Guwahati
Saturday, January 29, 2022
More

    হাইলাকান্দিৰ দুখন ঠাইত ভয়াৱহ ভূমিস্খলন, নিহত ৭ গৰাকীকৈ লোক

    ভূমিস্খলনত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালবৰ্গক ২৪ ঘণ্টাৰ ভিতৰত ৪ লাখ টকাকৈ দিয়াৰ কথা ঘোষণা কৰে মন্ত্ৰী পৰিমল শুক্লবৈদ্যই

    ৰাজ্যত ধাৰাবাহিকভাৱে হৈ থকা বৰষুণৰ ফলত বিভিন্ন স্থানত সংঘটিত হয় ভূমিস্খলনৰ ঘটনা। মঙলবাৰৰ দিনটোতে কাছাৰৰ পিছত হাইলাকান্দিত সংঘটিত হয় ভয়ংকৰ ভূমিস্খলনৰ ঘটনা। একেটা পৰিয়ালৰ ৫ গৰাকী সদস্যসহ মৃত্যু হৈছে মুঠ ৭ জনৰ। নিহত হোৱা লোককেইজনৰ ভিতৰত আছে ৪টা শিশু।

    হাইলাকান্দি জিলাৰ ভটৰবজাৰ আৰু মোহনপুৰ (আৰ এ)ত সংধটিত হৈছে এই ঘটনা। লগতে ভূমিস্খলনৰ ফলত আহত হৈছে আন ৫জন লোক। নিহত ভটৰবজাৰৰ কুটন মিঞা লস্কৰ (৪০), জুলফা বেগম (৩৫), নাজিৰা বেগম (৪), হাজিৰা বেগম (৬) , ফুতুলি বেগম (৩), মতিউৰ ৰহমান লস্কৰ (৬০) আৰু মোহনপুৰৰ চান্দ মনি মাল (৫)।

    ঘটনাৰ পিছতে হাইলাকান্দিত উপস্থিত হয় মন্ত্রী পৰিমল শুক্লবৈদ্য। পৰিস্থিতিৰ বুজ লয় মন্ত্ৰীগৰাকীয়ে। ভূমিস্খলনত মৃত্যু হোৱা লোকসকলৰ পৰিয়ালবৰ্গক ২৪ ঘণ্টাৰ ভিতৰত ৪ লাখ টকাকৈ দিয়াৰ কথা ঘোষণা কৰে।

    ইফালে কৰিমগঞ্জৰ কালিগঞ্জতো সংঘটিত হৈছে ভূমিস্খলনৰ ঘটনা। মাটিৰ তলত সোমাই ৬জন লোকৰ মৃত্যু। একেটা পৰিয়ালৰ ৫ গৰাকী সদস্যৰ লগতে আন এটা পৰিয়ালৰ এজনৰ মৃত্যু। এই ঘটনা কালিগঞ্জ থানা এলাকাৰ ৰহিমপুৰ গাঁৱৰ। এটা সপ্তাহৰ মুষলধাৰ বৰষুণৰ ফলত ভূমিস্খলন হৈ সংঘটিত হৈছে এই ঘটনা | মৃত লোককেইজনৰ নাম আজিৰ উদ্দিন, ৰাজিয়া বেগম, আফতাৰ হুছেইন, আনুৱাৰ উদ্দিন, তাহেৰা বেগম আৰু জয়নব বেগম। মৃতকৰ মাজত আছে ৩টা শিশুসহ এগৰাকী মহিলা।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং