30 C
Guwahati
Sunday, October 2, 2022
More

    ডিমা হাছাওত ভয়ংকৰ ভূমিস্খলন; ব্যাহত ৰে’লসেৱা, আৱদ্ধ ৩খন যাত্ৰীবাহী ৰে’ল

    মাইবং ষ্টেচনত আৱদ্ধ হৈ পৰে শ্ৰমিক বিশেষ ৰে'ল আৰু লামডিং ষ্টেচনত আৱদ্ধ হৈ পৰে 061661 ত্ৰিবান্দ্ৰম-জিৰিবাম আৰু 04012 গুড়গাঁও-জিৰিবাম ৰে'ল দুখন

    বুধবাৰে ডিমাহাছাওত ভয়ংকৰ ভূমিস্খলনৰ ঘটনা সংঘটিত হয়। মাইবং আৰু মুফা ৰে’ল ষ্টেচনৰ মাজৰ দুখন স্থানত সংঘটিত হয় এই ভূমিস্খলনৰ ঘটনা। ৰে’ল লাইনৰ মাজত পাহাৰৰ মাটি খহি পৰাৰ ফলত ব্যাহত হৈ পৰে অঞ্চলটোৰ ৰে’লসেৱা। ভূমিস্খলনৰ ফলত আৱদ্ধ হৈ পৰিছে ৩খন যাত্ৰীবাহী ৰে’ল। মাইবং ষ্টেচনত আৱদ্ধ হৈ পৰে শ্ৰমিক বিশেষ ৰে’ল আৰু লামডিং ষ্টেচনত আৱদ্ধ হৈ পৰে 061661 ত্ৰিবান্দ্ৰম-জিৰিবাম আৰু 04012 গুড়গাঁও-জিৰিবাম ৰে’ল দুখন।

    আৱদ্ধ হৈ পৰাৰ ফলত যাত্ৰীৰ মাজত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়। অৱশ্যে লামডিং ৰে’ল বিভাগৰ পৰা আবদ্ধ হোৱা যাত্ৰীসকলক খোৱাৰ ব্যৱস্থা কৰা হয়। IRCTCৰ জৰিয়তে লামডিং ৰে’ল বিভাগে ৩খন ৰে’লত মুঠ ৪ হাজাৰ ৰে’লযাত্ৰীৰ খোৱাৰ ব্যৱস্থা কৰিছে। ঘটনাস্থলীলৈ ৰাওনা হৈছে লামডিং ৰে’ল বিভাগৰ শীৰ্ষ বিষয়া।

    Photo: Time8

    Input: Bappi Malakar

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং