প্ৰশাসনৰ নিষেধাজ্ঞাৰ পিছতো ডবকাত চলিছে সাপ্তাহিক বজাৰ৷ বজাৰত ব্যাপক জনসমাগম হোৱা পৰিলক্ষিত হৈছে৷
বাৰম্বাৰ বুজোৱাৰ পাছতো নুশুনা হৈছে একাংশ লোকে৷ আৰক্ষীয়ে কেবাবাৰো বন্ধ কৰাৰ চেষ্টা চলায়ো ব্যৰ্থ হৈছে৷
ডবকাত প্ৰশাসনৰ নিৰ্দেশনাক আওকাণ কৰি সাপ্তাহিক বজাৰ ভিৰ কৰিছে বহুলোকে।

কৰ’ণাৰ সংক্ৰমণ ৰুধিবলৈ ইতিমধ্যেই প্রশাসনে হোজাই জিলাৰ সকলো সাপ্তাহিক বজাৰ বন্ধ কৰি দিছে। তাৰ পৰিপ্ৰেক্ষিতত ডবকাত দেখিবলৈ পোৱা গৈছে বিপৰীত দৃশ্য। এয়া ডবকা সাপ্তাহিক সোমবৰীয়া বজাৰৰ দৃশ্য।

সজাগতাৰ অভাৱত এই সকল লোকে প্রশাসনৰ নির্দেশক কেৰেপ নকৰি এনেদৰে ওলাই অহা পৰিলক্ষিত হৈছে।
Photo: Time8