28 C
Guwahati
Wednesday, December 1, 2021
More

    ধেমাজিত লাচিতৰ প্ৰতিমূৰ্তি নিৰ্মাণত মিছিং জনগোষ্ঠী লোকৰ বাধা, ঘটনাক লৈ উত্তেজনা

    'অসমতে যদি এজন বীৰক এটা সম্প্ৰদায়ে সন্মান দিব নুখুজে তেন্তে বিদেশীয়ে কিয় দিব বুলি মন্তব্য কৰে সংগঠনটোৱে

    অসম তথা অসমীয়া জাতিক শত্ৰুৰ হাতৰ পৰা ৰক্ষা কৰা মহাবীৰ জনাৰ প্ৰতিমূৰ্তি নিৰ্মাণত মিছিং জনগোষ্ঠীৰ একাংশ লোকে বাধা দিয়া কাৰ্যক লৈ ধেমাজিত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি। জোনাইৰ শিশু উদ্যানত জোনাই মহকুমাধিপতিজনে আধাৰশিলা স্থাপন কৰাৰ পিছত প্ৰতিমূৰ্তি নিৰ্মাণকাৰ্য চলি থকা অৱস্থাতে নিৰ্মাণত বাধা প্ৰদান কৰাত হঠচকিত হৈ পৰে জোনাই বসবাস কৰা তাই আহোম সম্প্ৰদায়ৰ লোকসকল ৷

    ঘটনা সন্দৰ্ভত মিচিং জনগোষ্ঠীৰ ছাত্ৰ সংগঠন টিএমপিকেক অৱগত কৰাৰ লগতে জোনাইৰ বিধায়ক ভূৱন পেগুক অৱগত কৰে আটাছুৱে। ‘অসমতে যদি এজন বীৰক এটা সম্প্ৰদায়ে সন্মান দিব নুখুজে তেন্তে বিদেশীয়ে কিয় দিব বুলি মন্তব্য কৰে সংগঠনটোৱে।

    মই বৰ মনোভাৱ যদি মিছিং জনগোষ্ঠীৱে পৰিহাৰ নকৰে তেন্তে ২০২১ চনৰ বিধানসভা নিৰ্বাচনত ইয়াৰ ফল ভোগ কৰিব বিধায়ক ৰনোজ পেগুলৈ আটাছুৰ সকিয়নী।

    উমি উমি জ্বলি থকা জুইত সাম্প্ৰদায়িকতাৰ ঘিঁউ ঢালিলে জুই নিৰ্বাপিত নহয় বৰঞ্চ দাউ দাউকৈ জ্বলিব বুলিও মন্তব্য কৰে আটাছুৰ কেন্দ্ৰীয় সমিতিৰ যুটীয়া সম্পাদক মনোজ গগৈয়ে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং