30 C
Guwahati
Friday, September 23, 2022
More

    অভাৱগ্ৰস্তৰ বাবে কোকৰাঝাৰ আৰক্ষীয়ে মুকলি কৰিলে সমূহীয়া ভোজনালয়

    কোকৰাঝাৰ আৰক্ষীয়ে লকডাউন ভঙ্গ কৰা সকলৰ বিৰুদ্ধে কঠোৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰাৰ লগতে একাংশ গাড়ী,মটৰচাইকেল জব্দ কৰিছে

    লক ডাউনত দুখীয়া-নিচলা, অভাৱগ্ৰস্তৰ খাদ্যৰ অভাৱৰ প্ৰতি লক্ষ্য ৰাখি আজিৰে পৰা কোকৰাঝাৰ আৰক্ষীয়ে মুকলি কৰিছে সমূহীয়া ভোজনালয়। কোকৰাঝাৰ সদৰ থানাৰ লগতে ভোজনালয় মুকলি কৰাৰ পিছতে দুখীয়া-নিচলাসকলে এসাঁজ তৃপ্তিৰে খোৱা পৰিলক্ষিত হয়। দুখীয়া-নিচলা, ভিক্ষাৰী, অভাৱগ্ৰস্তৰ বাবে আনুষ্ঠানিক ভোজনালয় মুকলি কৰাৰ উপৰিও কোকৰাঝাৰ আৰক্ষীয়ে আজি কোকৰাঝাৰ সদৰ চহৰত মাস্ক আৰু চেনিটাইজাৰ ৰাইজৰ মাজত বিতৰণ কৰে। সামাজিক দুৰত্ব বৰ্তাই ৰখাৰ ওপৰত গুৰুত্ব আৰোপ কৰি কোকৰাঝাৰ আৰক্ষীয়ে লকডাউন নমনাসকলৰ ওপৰতো বিহিত ব্যৱস্থা গ্ৰহণ কৰিছে।

    কোকৰাঝাৰ জিলা আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশনে কয় যে লক ডাউনৰ পৰিণতিত যিসকল লোকে খোৱা-বোৱাত অসুবিধা পাইছে তেওঁলোক এতিয়াৰে পৰা বিনামূলীয়াভাৱে কোকৰাঝাৰ আৰক্ষীয়ে মুকলি কৰা ভোজনালয়ত তৃপ্তিৰে এসাঁজ খাব পাৰিব।

    লকডাউন অন্ত নপৰালৈকে ভোজনালয় মুকলি থাকিব বুলি মন্তব্য কৰি আৰক্ষী অধীক্ষক ৰাকেশ ৰৌশনে কোকৰাঝাৰ আৰক্ষীয়ে ইতিমধ্যে ১০ হাজাৰ আৰ্তৰ মাজত খাদ্য-সামগ্ৰী বিতৰণ কৰা বুলি সদৰী কৰে।
    ইফালে কোকৰাঝাৰ জিলা গ্ৰীণজোন বুলি ঘোষিত হোৱাৰ পিছতে একাংশ লোক সামজিক দুৰত্ব পৰিহাৰ কৰি বাহিৰলৈ ওলাই অহা দেখা গৈছে।

    আৰক্ষীয়ে লকডাউন ভঙ্গ কৰা সকলৰ বিৰুদ্ধে কঠোৰ কাৰ্যব্যৱস্থা গ্ৰহণ কৰিছে আৰু একাংশ গাড়ী-মটৰ-মটৰচাইকেল জব্দ কৰিছে। । কোকৰাঝাৰ আৰক্ষীৰ দ্বাৰা ভোজনালয় মুকলি কৰা কাৰ্যসূচীত অতিৰিক্ত আৰক্ষী অধীক্ষক মুকুট ৰাভা(সদৰ), অতিৰিক্ত আৰক্ষী অধীক্ষক(নিৰাপত্তা)ৰজীৰাণী শৰ্মা, কোকৰাঝাৰ সদৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া বিনন্দ বসুমতাৰীকে ধৰি জিলাখনৰ আন আৰক্ষী বিষয়াসকলো উপস্থিত থাকে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং