21 C
Guwahati
Sunday, October 24, 2021
More

    CAAৰ বিৰুদ্ধে অৱেছীৰ মঞ্চত ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দিয়া কোন সেইগৰাকী যুৱতী?

    হস্পতিবাৰে সন্ধিয়া এই ঘটনাৰ পিছৰে পৰা দেশৰ ৰাজনীতিত যথেষ্ট ধুমুহাৰ সৃষ্টি হৈছে। বুধবাৰে নিশা সেইগৰাকী যুৱতীৰ ঘৰত অজ্ঞাত লোকে আক্ৰমণ কৰে

    নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে বেংগালুৰুত আয়োজিত ৰেলীত AIMIMৰ অধ্যক্ষ আছাদুদ্দীন অৱেছীৰ মঞ্চৰ পৰা ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দিয়া যুৱতীক ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। লিয়না নামৰ যুৱতীগৰাকীৰ বিৰুদ্ধে দেশদ্ৰোহীৰ গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰা হৈছিল।

    বৃহস্পতিবাৰে সন্ধিয়া এই ঘটনাৰ পিছৰে পৰা দেশৰ ৰাজনীতিত যথেষ্ট ধুমুহাৰ সৃষ্টি হৈছে। বুধবাৰে নিশা সেইগৰাকী যুৱতীৰ ঘৰত অজ্ঞাত লোকে আক্ৰমণ কৰে। অৱেছীয়ে এই মন্তব্যৰ খণ্ডন কৰিলে আৰু তীব্ৰ সমালোচনা কৰে। মই তেওঁৰ মন্তব্যৰ বিৰুদ্ধে নিন্দা প্ৰকাশ কৰিছো। আমাৰ বাবে ভাৰত জিন্দাবাদ আছিল, জিন্দাবাদ থাকিব। তেওঁ ক’লে যে আমি ভাৰতৰ বাবে আৰু যিকোনো প্ৰকাৰে শত্ৰু দেশৰ সমৰ্থন নকৰো।

    ইফালে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বিএছ য়েদিৰুপ্পাই ক’লে যে এনেধৰণে ধ্বনি দিয়া যুৱতীয়ে জামিন পাব নালাগে। যুৱতীগৰাকীৰ পিতৃয়েও কন্যাৰ এই কাৰ্যক সমালোচনা কৰি কয় যে তাই যথেষ্ট ভুল কাম কৰিছে। মই কেইবাবাৰো তাইক কৈছো যে তাই এইবিলাকৰ লগত জড়িত নহওক, কিন্তু তাই মোৰ কথাত একেবাৰে গুৰুত্ব প্ৰদান নকৰে। এই ঘটনাটোক লৈ দেশজুৰি হুলস্থুলৰ সৃষ্টি হৈছে। আচলতে যুৱতীগৰাকী কোন হয়?

    CAAৰ বিৰুদ্ধে আয়োজিত ৰেলীত AIMIMৰ অধ্যক্ষ আছাদুদ্দীন অৱেছীৰ মঞ্চত ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দিয়া যুৱতীগৰাকীৰ নাম অমূল্যা লিয়না নৰ’ন্হা। বেংগালুৰু আৰক্ষীয়ে জনোৱা অনুসৰি নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে প্ৰতিবাদ কৰা ঘটনা সন্দৰ্ভত তাইক পূৰ্বেও আটক কৰা হৈছিল। যুৱতীগৰাকীক Firebrand female activist ৰূপেৰে জনা যায়। যুৱতীগৰাকী বেংগালুৰুৰ সমীপৰ জয়ানগৰৰ MMKRV মহিলা কলেজৰ বিএৰ শিক্ষাৰ্থী। লগতে তেওঁ ৰেকৰ্ডিং কোম্পানীৰ ট্ৰাঞ্চলেটৰ হিচাপেও কাম কৰিছে।

    St. Norbet CBSE স্কুল আৰু মনিপালৰ ক্ৰাইষ্ট স্কুলত অধ্যয়ন কৰিছিল অমূল্যাই। অমূল্যা ছচিয়েল মিডিয়াতো যথেষ্ট এক্টিভ। তেওঁ ব্লগিঙো কৰে। তেওঁৰ ‘Alnoronha’ নামৰ এটা পৃথক ফেচবুক পেজো আছে। অমূল্যা লিয়নাই জন্মগ্ৰহণ কৰিছিল ২০০০ৰ ৩১ জুলাইত কৰ্ণাটকৰ কোপ্পাত।

    সাংবাদিক বিক্ৰম হেগৰেৰ পৰা কেইবাগৰাকীও মহিলা এক্টিভিটিছে ‘বন্দে মাতৰম’ গীতটোৰ দাবী কৰিছিল। সেই দলটোত অমূল্যাও আছিল। জানুৱাৰী মাহত মেংগালুৰু বিমানবন্দৰত এই ঘটনা সংঘটিত হৈছিল। ভাইৰেল হৈ পৰিছিল ইয়াৰ ভিডিঅ’।

    Photo credit: prabhatkhabar.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং