31 C
Guwahati
Wednesday, September 28, 2022
More

    CABক লৈ পুনৰ কঁপিব অসম! কাইলৈৰ পৰা কৃষক মুক্তিৰ আন্দোলন

    নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সজাগ হোৱা নাই অসমৰ জনতা, কিন্তু নাগৰিকত্ব সংশোধনী বিধেয়কে শেষ কৰি পেলাব অসমক, সংবাদমেলত ক'লে কৃষক নেতা অখিল গগৈয়ে

    নাগৰিকত্ব সংশোধনী বিধেয়ক আহিলে একেকাৰ হ’ব ত্ৰিপুৰা আৰু অসম। নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ সজাগ হোৱা নাই অসমৰ জনতা, কিন্তু নাগৰিকত্ব সংশোধনী বিধেয়কে শেষ কৰি পেলাব অসমক। গুৱাহাটীত এক সংবাদমেল আয়োজন কৰি এই মন্তব্য কৃষক নেতা অখিল গগৈৰ। ১৯১২ চনৰ পৰা ২০১৯ চনলৈ বিদেশীৰ বিৰুদ্ধে মাত মাতি আহিছে অসমৰ জনগণে, কিন্তু নাগৰিকত্ব সংশোধনী বিধেয়ক ননালৈকে শান্ত নহয় বিজেপি আৰু আৰ এছ এছ, হিন্দু বাংলাদেশী হ’ব অসমৰ পৰৱৰ্তী মুখ্যমন্ত্ৰী। ১ কোটি ৯০ লাখ নতুন হিন্দু বাংলাদেশী আহিব অসমলৈ। আমাৰ হাতৰ পৰা যাবগৈ মাটিৰ অধিকাৰ। এই বুলিও সংবাদমেলত মত প্ৰকাশ কৰে কৃষক নেতাজনে।

    আৰু এই বহু বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে কাইলৈৰ পৰা অসমজুৰি সজাগতা সভাৰ লগতে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰিব কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। আকৌ একগোট হৈ প্ৰতিবাদ কৰিব ৭০টা সংগঠনে। কাইলৈ দিনৰ ১১ বজাৰ পৰা মেঘদূত ভৱনৰ সন্মুখত কৰিব প্ৰতিবাদ। এক সংবাদমেলযোগে প্ৰতিবাদী কাৰ্যসূচীৰ কথা ঘোষণা কৰে কৃষক নেতা অখিল গগৈয়ে। নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধী আন্দোলনত সহযোগ কৰিবলৈ অসমৰ ৰাইজক আহ্বান জনায় অখিল গগৈয়ে। সদৌ অসম ছাত্ৰ সন্থাকো সংগঠনটোৰ লগত থকা ৩০টা সংগঠন একলগ হৈ আন্দোলন গঢ়ি তুলিবলৈ আহ্বান জনায় কৃষক নেতাজনে।

    Photo : Jyotish Pawan Bordoloi

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং