KMSSৰ কেন্দ্ৰীয় কার্যালয়ত অখিল গগৈৰ সংবাদমেল। সংবাদমেলৰ আৰম্ভণিতে কেন্দ্ৰীয় বিত্ত মন্ত্ৰী অৰুণ জেটলীৰ মৃত্যুত শোক প্ৰকাশ।
‘চুপাৰি ছিণ্ডিকেট সন্দৰ্ভত দিছপুৰ আৰু জালুকবাৰী থানাত এজেহাৰ দিয়া হৈছে, দুয়োখন থানাই এতিয়ালৈ ৰুজু কৰা নাই গোচৰ, গোচৰ ৰুজু নকৰিলে পুলিচ একাউণ্টেবিলিটী কমিছন আৰু আদালতৰ কাষ চাপিব গগৈ।’- সংবাদমেলত চুপাৰি ছিণ্ডিকেটক লৈ সৰৱ কৃষক নেতাগৰাকী।
‘চুপাৰীৰ ট্ৰাকত আহে অবৈধ মাৰণাস্ত্ৰ, আন্তঃৰাষ্ট্ৰীয় চোৰাং সৰবৰাহক অসম আৰক্ষীয়ে নায্যতা প্ৰদান কৰি আহিছে।’- এই অভিযোগ অখিল গগৈৰ।
জব্দকৃত ২৬খন ট্ৰাক এতিয়ালৈ আৰক্ষীয়ে খুলি চোৱা নাই, আৰক্ষীৰ ৰহস্যজনক ভূমিকাকলৈ প্ৰশ্ন উত্থাপন গগৈৰ। অচিৰেই জব্দকৃত ২৬খন চুপাৰি ট্ৰাক এৰি দিয়াৰ ষড়যন্ত্ৰ বুলি অভিযোগ উত্থাপন কৰে কৃষক নেতাগৰাকীয়ে। ট্ৰাক এৰি দিলে কেন্দ্ৰীয় শুল্ক বিভাগ আৰু প্ৰধানমন্ত্ৰীৰ কার্যলয়তো অৱগত কৰা হ’ব।
‘এই চুক্তি অসমীয়া জাতিৰ প্ৰতি বিশ্বাসঘাটকতাৰ দলিল, এই চুক্তি অবৈধ, নৰেন্দ্ৰ মোদী আৰু ৰাজনাথ সিঙৰ প্ৰতিশ্ৰুতি বিৰোধী স্থিতি, এই বুজাবুজি চুক্তি মানি লোৱা নহ’ব, এই বান্ধৰ বিৰুদ্ধে গঢ়ি তোলা হ’ব গণতান্ত্ৰিক আন্দোলন।’- জলবিদ্যুৎ প্ৰকল্পৰ বুজাবুজি চুক্তিৰ সন্দৰ্ভতো মন্তব্য অখিল গগৈৰ।
Guwahati | Edited by: Dulu Medhi