26 C
Guwahati
Saturday, December 3, 2022
More

    মুকলি আকাশৰ তললৈ অহাৰ লগে লগে পুনৰ গ্ৰেপ্তাৰ অখিল গগৈ

    গ্ৰেপ্তাৰৰ পূৰ্বে আৰক্ষীক অখিল গগৈয়ে ক'লে- 'সামাজিক দূৰত্ব মানি চলক, মোক হাতত নধৰিব, মোৰ জ্বৰ হৈ আছে।'

    কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতা অখিল গগৈক পুনৰ গ্ৰেপ্তাৰ ডিব্ৰুগড় আৰক্ষীৰ। চাবুৱা থানাৰ ২৮৯/ ১৯ নম্বৰৰ গোচৰত গ্ৰেপ্তাৰ কৰে KMSSৰ নেতাগৰাকীক। আজি গোচৰ সন্দৰ্ভত শিৱসাগৰ জিলা কাৰাগাৰত ভিডিঅ’ কনফাৰেঞ্চিংযোগে আছিল শুনানি। কিন্তু শুনানিৰ পূৰ্বেই ডিব্ৰুগড় আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে অখিল গগৈক।

    ইফালে কোনো ৱাৰেণ্ট নোহোৱাকৈ গ্ৰেপ্তাৰ কৰাক লৈ অখিলৰ লগতে অখিল গগৈৰ অধিবক্তাৰ প্ৰতিক্ৰিয়া। গ্ৰেপ্তাৰ কৰিবলৈ অহা আৰক্ষীক জবাবদিহি অখিল গগৈৰ। লক ডাউন মানি চলিবলৈ অসমৰ ৰাইজলৈ আহ্বান৷ চাহ-বাগিচা মুকলি কৰা চৰকাৰৰ সিদ্ধান্তক ভুল সিদ্ধান্ত বুলি ক’লে কৃষক মুক্তিৰ নেতাগৰাকীয়ে।

    ‘অসমীয়া মানুহে লক ডাউন মানিবলৈ সহজ৷ আই ওলালে এনেও অসমীয়া সমাজত নিজকে আঁতৰাই ৰখাতো পৰম্পৰা অনুসৰি নিয়ম আছেই৷ সেয়ে অসমীয়া ৰাইজৰ বাবে লকডাউন মানি চলাতো জটিল নহয়৷’- লকডাউন সন্দৰ্ভত এই মন্তব্য অখিল গগৈৰ। গ্ৰেপ্তাৰৰ পূৰ্বে আৰক্ষীক অখিল গগৈয়ে ক’লে- ‘সামাজিক দূৰত্ব মানি চলক, মোক হাতত নধৰিব, মোৰ জ্বৰ হৈ আছে।’

    সংবাদ মাধ্যমলৈ দুপৃষ্ঠাৰ পত্ৰ অখিলৰ। জেল আৰু চাহ-বাগিচাত কৰ’ণা সংক্ৰমন হোৱাতো তেনেই সহজ ৷ এই দিশত চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। কা বিৰোধী আন্দোলনত আজিও অটল অখিল৷ কা বিৰোধ কৰাতো যদি দেশদ্ৰোহীতা তেন্তে তেনে অপৰাধ হাজাৰ বাৰ কৰিব বুলিও ক’লে অখিল গগৈয়ে। ১৭ মাৰ্চত শিৱসাগৰত গ্ৰেপ্তাৰ কৰা হৈছিল অখিল গগৈক।

    Photo: Time8

    Published:

    3 COMMENTS

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং