15 C
Guwahati
Sunday, November 20, 2022
More

    স্বাস্থ্য পৰীক্ষাৰ বাবে পুনৰ GMCHলৈ অখিল গগৈ, স্নায়ু ৰোগত আক্ৰান্ত কৃষক নেতাগৰাকী

    আদালত আৰু সংবাদ মাধ্যমৰ বাবেই উন্নত চিকিৎসা পোৱা বুলি মন্তব্য অখিল গগৈৰ

    ক্ৰমান্বয়ে সুস্থতাৰ দিশে অখিল গগৈ। মূৰ ঘুৰণি আৰু স্নায়ু ৰোগত আক্ৰান্ত হৈছে অখিল গগৈ। নিউৰ’লজী বিভাগত চিকিৎসা চলিছে কৃষক নেতাজনৰ। সেয়ে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত আজি পুনৰ চিকিৎসা প্ৰদান কৰাৰ পাছত এই মত সংবাদ মাধ্যমৰ আগত অৱগত কৰে কৃষক নেতাগৰাকীয়ে। “আদালত আৰু সংবাদ মাধ্যমৰ বাবেই মই উন্নত চিকিৎসা পাইছো”।

    জেলত খাদ্য উন্নত মাণদণ্ডৰ নহয় বুলি কয় কৃষক নেতাগৰাকীয়ে। তেওঁৰ লগতে অন্য বহু কয়দী বেমাৰত আক্ৰান্ত হোৱাৰো কতা সদৰি কৰে নেতাগৰাকীয়ে। পিছে স্বাস্থ্যৰ অৱনতি হোৱা পিছকো কয়দী সকলে উন্নত চিকিৎসা লাভ কৰা নাই বুলিও সংবাদ মাধ্যমৰ আগত জনাই অখিল গগৈয়ে।

    বহু বছৰ ধৰি কাৰাগাৰত কাৰাবাস খাটি থকা এজন ব্যক্তি উন্নত চিকিৎসা অবিহনে মৃত্যু মুখত পৰা কথাও সংবাদ মাধ্যমক জনায় কৃষক নেতাগৰাকীয়ে। ইয়াৰোপৰি ৰাজ্যসভালৈ ‘কা’ বিৰুদ্ধি নেতা আগমনৰ লগতে ঐক্যবদ্ধ আন্দোলন অব্যাহত ৰাখিবলৈ আহ্বান জনাইছে কৃষক নেতাগৰাকীয়ে।

    Photo Credit: @mrigankamohandutta

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং