14.4 C
Guwahati
Saturday, January 29, 2022
More

    ১০-১২ বছৰীয়া বলাৰৰ বিপৰীতে কেভিন পিটাৰছন, ফিল্ডাৰ আৰু উইকেটৰক্ষকেও ৰখাব পৰা নাই 6/4

    কাজিৰঙা উৎসৱ মুকলি কৰাৰ কথা আছিল কেভিন পিটাৰছনে

    কৰ’ণা ভাইৰাছৰ বিভীষিকাই অসমৰ প্ৰায় সমূহ ঠাইতে উৎকণ্ঠা বিৰাজ কৰিলেও কাজিৰঙাত একপ্ৰকাৰ আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে। কাজিৰঙা ভ্ৰমণ কৰি যোৱা আমেৰিকাৰ পৰ্যটক ভূটানত কৰ’ণা ভাইৰাছত ধৰা পৰাৰ পিছতে উদ্যানখনৰ ৰিজৰ্ট, জীপ ছাফাৰী, হাতী ছাফাৰী আদিৰ সকলো কৰ্মকৰ্তাৰ চলিছে স্বাস্থ্যৰ পৰীক্ষা নিৰিক্ষা।

    পিছে এই বিভীষিকাৰ মাজতো কিছু আনন্দ বিলাইছে ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰ কেভিন পিটাৰছনে। কাজিৰঙাৰ বন্যপ্ৰাণীক লৈ এখন তথ্য চিত্ৰ নিৰ্মাণৰ কামত কাজিৰঙালৈ অহা কেভিন ব্যস্ত ক্ৰিকেট খেলাত। স্থানীয় যুৱক তথা শিশু সকলৰ সৈতে ক্ৰিকেট খেলি ৰাইজক মুহিছে ইংলেণ্ড ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে।

    কাজিৰঙাৰ এখন বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ হৈতে ক্ৰিকেট খেলাৰ লগতে ঝুমুৰ নাছে আৰু বিদ্যালয়ত গছপুলি ৰোপণ কৰে কৰে পিটাৰছনে৷ TVত ক্ৰিকেট খেলা দেখা পিটাৰছনক ওচৰত এনেকৈ ৬/৪ কোবোৱা দেখি কন কন ছাত্ৰ-ছাত্ৰীসকল আনন্দত উৎফুল্লিত হয়৷

    উল্লেখ্য যে, ১২ মাৰ্চৰ পৰা ৪দিনীয়াকৈ কাজিৰঙা উৎসৱ ২০২০ অনুষ্ঠিত কৰিবলৈ লোৱা হৈছিল। প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’বলগীয়া এই উৎসৱ মুকলি কৰাৰ কথা আছিল কেভিন পিটাৰছনে।

    Photo And Video Credit: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং