25 C
Guwahati
Thursday, October 6, 2022
More

    আছুৰ নতুন দলে প্ৰভাৱ নেপেলায় অগপত, অগপ পূৰ্বতকৈ শক্তিশালী হে হ’ব; কেশৱ মহন্ত

    যি সময়ত অগপত বিভাজনৰ সৃষ্টি হৈছে সেই সময়তে মন্ত্ৰী গৰাকীয়ে এনে মন্তব্য আগবঢ়াই

    নতুন ৰাজনৈতিক দল সম্পৰ্কত কেশৱ মহন্তৰ মন্তব্য। নতুনকৈ গঠন হ’ব লগীয়া কোনো ৰাজনৈতিক দলেই প্ৰভাৱ বিস্তাৰ কৰিব নোৱাৰিব অসম গণ পৰিষদ দলত। এই সন্দৰ্ভত অগপ নেতাগৰাকীয়ে কয় যে, “নতুন দল খোলাৰ অধিকাৰ সকলোৰে আছে। কিন্তু ৰাইজে কিমান আকোৱালি লয় সেয়াহে ডাঙৰ কথা। আছুৱে নতুন ৰাজনৈতিক দল খুলিলেও অগপত প্ৰভাৱ নপৰে। অগপ পূৰ্বতকৈ শক্তিশালী হব।”

    বৃহস্পতিবাৰে সদৌ অসম বঙালী যুব ছাত্ৰ ফেডেৰেচন নগাঁও জিলাই চামগুৰিৰ কনুৱামাৰিত আয়োজন কৰা নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৩ তম জন্মজয়ন্তিত উপস্থিত হৈ কেশৱ মহন্তই এই মন্তব্য আগবঢ়ায়। যি সময়ত অগপত বিভাজনৰ সৃষ্টি হৈছে সেই সময়ত মন্ত্ৰী গৰাকীৰ এনে মন্তব্যই বিশেষ তাৎপৰ্য্য বহন কৰিছে।

    Photo: @batssamhaque

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং