সমগ্ৰ দেশতে ২৫ মাৰ্চৰ পৰা আৰম্ভ হৈছিল লকডাউন। লকডাউনৰ দিনকেইটাত স্তব্ধ হৈ পৰিছে সকলো। বন্ধ হৈ পৰিছে সকলো দোকান, শ্বপিং মল, স্কুল, কলেজ। লগতে বন্ধ হৈ পৰিছে সকলো সুৰাৰ দোকান। লকডাউনৰ বাবে সুৰাৰ প্ৰচলন বন্ধ হৈ পৰাৰ ফলত বহু স্থানত সুৰাসক্ত লোকৰ আত্মহত্যাৰ ঘটনা পোহৰলৈ আহিছে। কেইবাজনো সুৰাসক্ত লোকে সুৰাপান কৰিব নোৱাৰি আত্মহত্যাৰ দৰে চৰম পথ বাছি লৈছে।
ইয়াৰ মাজতে চৰকাৰে বিশেষ সিদ্ধান্ত গ্ৰহণ কৰিছে। সুৰাসক্ত লোকসকলৰ বাবে চৰকাৰৰ বিশেষ পদক্ষেপ গ্ৰহণ। আবকাৰী বিভাগক সুৰা যোগান ধৰাৰ নিৰ্দেশ চৰকাৰৰ। চিকিৎসকৰ প্ৰেচক্ৰিপচন থকা লোকে লাভ কৰিব সুৰা। নিচামুক্তি কেন্দ্ৰত এনে লোকক ভৰ্তি কৰোৱাৰ নিৰ্দেশনা চৰকাৰৰ। চৰকাৰে এনে লোকক নিচামুক্তি কেন্দ্ৰত ভৰ্তিৰ নিৰ্দেশ প্ৰদান কৰে আবকাৰী বিভাগক।
কেৰালাত মুখ্যমন্ত্ৰী পিন্নাৰাই বিজয়নে প্ৰদান কৰিছে এই নিৰ্দেশনা। সুৰা প্ৰচলন বন্ধৰ ফলত সৃষ্টি হ’ব পাৰে কেতবোৰ সমস্যাৰ। ইয়াৰ প্ৰতিয়েই লক্ষ্য ৰাখি অনলাইন সুৰা বিক্ৰীৰো চিন্তা-চৰ্চা চলাইছে। এই কথা জনাই কেৰালাৰ মুখ্যমন্ত্ৰী পিন্নাৰাই বিজয়নে।
Photo credit: google.com