পুনৰ দ্বিতীয়বাৰৰ বাবে স্থগিত ৰখা হ’ল বহু প্ৰত্যাশিত কাজিৰঙা উৎসৱ ২০২০। কেন্দ্ৰীয় চৰকাৰৰ স্বাস্থ্য বিভাগৰ বিশেষ অধিসূচনা লাভ কৰাৰ পিছতেই এই সিদ্ধান্ত গ্ৰহণ কৰিছে বোকাখাত মহকুমা প্ৰশাসনে। ইতিমধ্যে বিশ্বব্যাপী আতংকৰ সৃষ্টি কৰা মাৰাত্মক কৰ’ণা ভাইৰাছৰ বাবে আগন্তুক ১২ মাৰ্চৰ পৰা ১৫ মাৰ্চপৰ্যন্ত অনুষ্ঠিত হ’বলগীয়া কাজিৰঙা উৎসৱ ২০২০ স্থগিত ৰখা হৈছে।
উল্লেখ্য যে ‘কা’ৰ প্ৰতিবাদৰ কাৰণে চলিত পৰ্যটন বৰ্ষ থানবান হোৱাৰ পিছত কাজিৰঙালৈ পৰ্যটক আগমনৰ বাট পুনৰ মুকলি কৰিবৰ বাবে অহা ১২ মাৰ্চৰ পৰা ৪দিনীয়াকৈ কাজিৰঙা উৎসৱ ২০২০ অনুষ্ঠিত কৰিবলৈ লোৱা হৈছিল। প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ’বলগীয়া এই উৎসৱ মুকলি কৰাৰ কথা আছিল ইংলেণ্ডৰ ক্ৰিকেটাৰ কেভিন পিটাৰছনে। ইতিমধ্যে ৪ মাৰ্চত কাজিৰঙাত আহি উপস্থিত হৈছিল ইংলেণ্ডৰ প্ৰাক্তন ক্ৰিকেটাৰজন।

কিন্তু কাজিৰঙা ভ্ৰমণ কৰি যোৱা এগৰাকী আমেৰিকা পৰ্যটকৰ দেহত কৰ’ণা ভাইৰাছ থকা বুলি ভূটানত ধৰা পৰাৰ পিছতেই কাজিৰঙা উৎসৱ ২০২০ বাতিলৰ সিদ্ধান্ত লয় আয়োজক সমিতিয়ে। সমান্তৰালকৈ কাজিৰঙাত সর্তকতামূলক ব্যৱস্থা গ্ৰহণ কৰা হৈছে। শেহতীয়াকৈ বোকাখাত প্ৰশাসনৰ এক তথ্য অনুসৰি কাজিৰঙাত জন সমাগম হোৱাৰ প্ৰত্যকটো অনুষ্ঠান বাতিল কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

সেই অনুসৰি কাজিৰঙাত বিগত ৫ মার্চ তাৰিখৰ পৰা চলি অহা অৰণ্যৰ হস্ত শিল্পৰ উদ্যোগত ৰাষ্ট্ৰীয় বাণিজ্য মেলাখনি বন্ধ কৰাৰ ঘোষণা নির্দেশ জাৰি কৰিছে বোকাখাত মহকুমা প্ৰশাসনে। এই উৎসৱত অসম তথা ইয়াৰ চুবুৰীয়া ৰাজ্যসমূহৰ বাৰেৰহণীয়া কলা-সংস্কৃতি প্ৰদৰ্শন কৰাৰ লগতে আত্মসহায়ক গোটৰ মেলা, বন্য প্ৰাণী সম্পৰ্কীয় চিত্ৰ আৰু আলোকচিত্ৰ প্ৰদৰ্শনী, থলুৱা খাদ্য মেলা, পৰম্পৰাগত সাজপাৰ প্ৰদৰ্শনীয়ো প্ৰতিযোগিতা অনুষ্ঠিত কৰা হোৱাৰ কথা আছিল যদিও কৰ’ণা ভাইৰাছৰ আতংকই প্ৰভাৱ পেলাইছে এতিয়া বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙাত।
Photo: Time8