বৃহস্পতিবাৰে কৌন বনেগা কৰোৰপতিত ৰচিলে ইতিহাস। এমাহত ১৫০০ টকা দৰমহা পোৱা মহাৰাষ্ট্ৰৰ ববিতা টাডেই ১ কোটি টকা জিকিবলৈ সক্ষম হয়। মেগাষ্টাৰ অমিতাভ বচ্চনৰ শ্ব’ ‘কৌন বনেগা কৰোৰপতি’ৰ এই ১১সংখ্যক সংস্কৰণত ববিতা দ্বিতীয়গৰাকী কোটিপতি।
ববিতাই এক কোটিৰ প্ৰশ্নৰ বাবে বিশেষজ্ঞৰ সহায় লয়। ববিতাই ৭ কোটিৰ প্ৰশ্নত বিমোৰত পৰি খেল নেখেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিলে যদিও প্ৰশ্নটোৰ উত্তৰ তেওঁ জানিছিল।
ববিতাই কৈছিল যে তেওঁ মহাৰাষ্ট্ৰৰ অমৰাবতী স্কুলত মধ্যাহ্ন ভোজনৰ খাদ্য প্ৰস্তুত কৰিছিল। এই কামৰ বাবে তেওঁ মাহিলী লাভ কৰিছিল মাত্ৰ ১৫০০ টকা। প্ৰতিদিনে তেওঁ প্ৰায় ৪৫০টা শিশুৰ খাদ্য বনাই।
১ কোটিৰ প্ৰশ্ন
প্ৰশ্ন : মোগল শাসক বাহাদুৰ শ্বাহ জাফৰৰ কোনজন দৰবাৰ কবিয়ে দাস্তান–এ–গদৰ ৰচনা কৰিছিল। য’ত তেওঁ ১৮৫৭ৰ বিদ্ৰোহৰ নিজা অনুভৱৰ বিষয়ে লিখিছিল?
ববিতাই এই প্ৰশ্নটোৰ বাবে সহায় লৈছিল লাইফলাইনৰ। তেওঁ বিশেষজ্ঞ শ্ৱেতাৰ সহায় লৈছিল আৰু তেওঁৰ উপদেশ অনুসৰণ কৰিছিল ববিতাই। ইয়াৰ শুদ্ধ উত্তৰ আছিল জহীৰ দেহলৱী। এই শুদ্ধ উত্তৰেৰে ববিতাই জিকিছিল ১ কোটি টকা।
Photo Credit: khabar.ndtv.com