17.2 C
Guwahati
Saturday, December 3, 2022
More

    কৰ’ণা ভাইৰাছৰ পৰা বাচি থকাৰ উপায় দিলে কেট্ৰীণাই!

    বহুতো চেলিব্ৰিটীয়ে স্বাস্থ্য পৰামৰ্শদাতাৰ পৰামৰ্শ গ্ৰহণ কৰি ঘৰৰ ভিতৰতে দিন কটাইছে

    কৰ’ণা ভাইৰাছৰ আতংকই চুই গৈছে বিশ্বৰ প্ৰতিখন দেশকে। সকলো দেশেই গ্ৰহণ কৰিছে সতৰ্কতামূলক পদক্ষেপ। বলীউডতো পৰিছে কৰ’ণা ভাইৰাছৰ আতংকৰ প্ৰভাৱ। বলীউডৰ পৰা আৰম্ভ কৰি সৰু পৰ্দাৰ ধাৰাবাহিকৰ শ্বুটিঙো ৰখা হৈছে স্থগিত। বহুতো চেলিব্ৰিটীয়ে স্বাস্থ্য পৰামৰ্শদাতাৰ পৰামৰ্শ গ্ৰহণ কৰি ঘৰৰ ভিতৰতে দিন কটাইছে। ইয়াৰ মাজতে বলীউডৰ মোহময়ী অভিনেত্ৰী কেট্ৰীণা কাঈফে ইনষ্টাগ্ৰামত নিজৰ কেইখনমান ফটো শ্বেয়াৰ কৰি কেপশ্বছনত দিছে কৰ’ণা ভাইৰাছৰ পৰা বাচি থকাৰ উপায়।

    অভিনেত্ৰীগৰাকীয়ে লিখিছে ”সকলো সতৰ্ক হৈ থাকক আৰু লগতে শাৰীৰিক ব্যায়াম আৰু মেডিটেশ্বন কৰক। শাৰীৰিক ব্যায়াম আৰু মেডিটেশ্বনে শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বঢ়োৱাৰ লগতে শক্তিশালী কৰি তোলে। আপোনাৰ চৌপাশৰ পৰিৱেশ পৰিস্কাৰ কৰি ৰাখক আৰু মন প্ৰফুল্লিত কৰি ৰাখক। আশা ৰাখিছো অতি সোনকালে সকলো ঠিক হ’ব।”

    উল্লেখ্য যে কৰ’ণা ভাইৰাছৰ পৰা হাত সাৰি থাকিবৰ বাবে দেশৰ স্কুল-কলেজ, বিশ্ববিদ্যালয়, চিনেমা হল, ছুইমিং পুল আদি বন্ধ ৰখাৰ নিৰ্দেশ প্ৰদান কৰা হৈছে। ২৪ মাৰ্চত মুক্তি দিয়াৰ কথা আছিল অক্ষয় কুমাৰ আৰু কেট্ৰীণা কাঈফ অভিনীত ‘সূৰ্যবংশী’ নামৰ চিনেমাখন কিন্তু চিনেমা হল বন্ধ থকাৰ হেতুকে ইয়াৰ মুক্তিৰ দিন অনিৰ্দিষ্ট কাললৈ পিছুৱাই দিয়া হ’ল।

    Photo Credit: Wallpaper Cave

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং