কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে আজি লেহ ভ্ৰমণত ব্যস্ত। জম্মু-কাশ্মীৰৰ পৰা অনুচ্ছেদ ৩৭০ আঁতৰোৱাৰ পিছত এয়া প্ৰথমটো ভ্ৰমণ সিঙৰ।
কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে কাশ্মীৰ সন্দৰ্ভত পাকিস্তানক দিলে তীব্ৰ সকিয়নি। তেওঁ ক’লে যে কাশ্মীৰ ভাৰতৰ গুৰুত্বপূৰ্ণ অংশ। পাকিস্তানে এটাই উত্তৰ দিয়ক যে কাশ্মীৰ তেওঁলোকৰ কেতিয়া আছিল যে তেওঁলোকে কান্দি থাকে। প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং ব্যস্ত হৈ আছে লেহ ভ্ৰমণত। মন্ত্ৰীগৰাকীয়ে তাত কিশান জৱান মেলাৰ উদঘাটন কৰিলে।

প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ক’লে যে কাশ্মীৰ সদায় আমাৰ লগত আছে আৰু আমাৰ লগতে থাকিব। লগতে ক’লে যে ‘ভাৰতক অস্থিৰ কৰিবলৈ আতংকৰ সৃষ্টি কৰা পাকিস্তানৰ সৈতে আমি কিয় আলোচনা কৰিম।’

আমি পাকিস্তানৰ সৈতে সু-সম্পৰ্ক গঢ়ি তুলিব বিচাৰো। প্ৰথমে পাকিস্তানে ভাৰতৰ বিৰুদ্ধে সন্ত্ৰাসবাদ বন্ধ কৰিব লাগে। প্ৰতিৰক্ষা মন্ত্ৰীগৰাকীয়ে ক’লে যে এই সন্দৰ্ভত কোনো এখন দেশ পাকিস্তানৰ লগত নাই।