25 C
Guwahati
Thursday, October 6, 2022
More

    কাশ্মীৰৰ মাছিল ছেক্টৰত হিমস্খলনত ৩ জোৱান ছহীদ, এজন সন্ধানহীন

    গান্দৰবল জিলাৰ কুল্লনত সোমবাৰে নিশা বৰফৰ পাহাৰ খহি ৯ গৰাকী লোক আৱদ্ধ হৈ পৰে

    দেওবাৰৰ পৰা উত্তৰ কাশ্মীৰত হৈ আছে প্ৰচণ্ড তুষাৰপাত। যাৰ বাবে সোমবাৰে কেইবাটাও স্থানত হিমস্খলন হয়। মাছিল ছেক্টৰত LoCৰ সমীপত সেনাৰ চাউনীক বৰফে আগুৰি ধৰে। ইয়াৰ ফলত ৩জন জোৱান ছহীদ হয় আৰু এজন সন্ধানহীন হয়। ইফালে মধ্য কাশ্মীৰৰ গান্দৰবল জিলাত হিমস্খলনৰ ফলত ৫ জন লোকৰ মৃত্যু হয়। নিহতৰ ভিতৰত এজন লোক আৰু তেওঁৰ ২ পুত্ৰ।

    সেনাৰ সূত্ৰ অনুসৰি, ৰামপুৰ আৰু গুৰেজ ছেক্টৰতো হিমস্খলনৰ ফলত সেনাৰ চাউনীৰ যথেষ্ট ক্ষতিসাধন হয়। এজন জোৱানো ছহীদ হোৱাৰ কথা জানিবলৈ পোৱা গৈছে যদিও আনুষ্ঠানিকভাৱে ইয়াৰ সত্যতা প্ৰকাশ পোৱা নাই। বৰফত আৱদ্ধ হৈ পৰা জোৱানক উদ্ধাৰ কৰিবলৈ বায়ুসেনাৰ সহায় লোৱা হৈছে। প্ৰচণ্ড তুষাৰপাতৰ ফলত কুপৱাৰা, বান্দীপৰা আৰু বাৰামুলাত কেইবাটাও বাসগৃহ ক্ষতিগ্ৰস্ত। উত্তৰ আৰু মধ্য কাশ্মীৰৰ কেইবাটাও স্থানত প্ৰচণ্ড তুষাৰপাতৰ সম্ভাৱনা।

    গান্দৰবল জিলাৰ কুল্লনত সোমবাৰে নিশা বৰফৰ পাহাৰ খহি ৯ গৰাকী লোক আৱদ্ধ হৈ পৰে। সেনাৰ জোৱানে আৱদ্ধ হৈ পৰা লোকক উদ্ধাৰ কৰে। ৪ গৰাকী লোকক সুৰক্ষিতভাৱে উদ্ধাৰ কৰা হয়। আনহাতে ৫ জনৰ প্ৰানহানি।

    Photo credit: financialexpress.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং