মুখ্যমন্ত্ৰী বি এছ য়েদিয়ুৰুপ্পাই ক’লে যে ভুক্তভোগীয়ে লাভ কৰিব ৫ লাখ টকাৰ সাহায্য। তেওঁ ক’লে যে দক্ষিণ কন্নৰ জিলাত ৫খন দলং আৰু ৩০০টা বাসগৃহৰ ক্ষতিসাধন হয়।
কৰ্ণাটকত প্ৰচণ্ড বৰষুণ আৰু বানৰ বিভিষীকা। ইয়াত কোটিতকৈ অধিক ঘৰ পানীত বুৰ যোৱাৰ লগতে কেইবাজনো লোক উটি যায় বানত। কেইবাখনো দলং বানত উটি যোৱাৰ ফলত ব্যাহত হয় যাতায়ত ব্যৱস্থা।
মুখ্যমন্ত্ৰী বি এছ য়েদিয়ুৰুপ্পাই এই কথাও ঘোষণা কৰিলে যে বান পীড়িত লোকসলৰ বাবে ১০ হাজাৰ টকাৰ ঘোষণা কৰিছে।
ইয়াৰ পূৰ্বে শনিবাৰে কেন্দ্ৰ চৰকাৰক উত্তৰ-পশ্চিম আৰু সাগৰীয় উপকূল অঞ্চলসমূহত ৰাজ্যৰ ১৪খন বান প্ৰভাৱিত জিলাত উদ্ধাৰ অভিযানৰ বাবে ৩,০০০ কোটি টকাৰ দাবী কৰিছে।