20 C
Guwahati
Saturday, January 29, 2022
More

    লকডাউনৰ সুযোগ লৈ অধিক মূল্যত চিমেণ্ট বিক্ৰী; হাতেলোটে ধৰা পৰাত হাৰ্ডওৱেৰ দোকানৰ মেনেজাৰক আটক

    ৬০০ টাকৈ চিমেণ্টৰ বস্তা গোপনে বিক্ৰী কৰাৰো অভিযোগ উত্থাপিত

    কৰিমগঞ্জৰ জিলা উপায়ুক্তৰ কঠোৰ পদক্ষেপ। লকডাউনৰ সময়ত গোপনে অধিক মূল্যৰে চিমেণ্ট বিক্ৰী কৰি থাকোতে এখন হাৰ্ডওৱেৰ দোকানৰ মেনেজাৰক আটক কৰিলে জিলা প্ৰশাসনে।

    লকডাউনৰ সুযোগ লৈ এচাম অসাধু ব্যৱসায়ীয়ে ব্যাপক কেলেংকাৰী কৰাৰ অভিযোগ উত্থাপন হৈছে। কৰিমগঞ্জৰ বজাৰতো আকাশলংঘী দাম হৈছে নিত্য প্ৰয়োজনীয় সামগ্ৰীৰ। ইফালে হাৰ্ডওৱেৰ দোকানৰ মালিকসকলেও সুযোগ লৈ আছে লকডাউনৰ।

    ৬০০ টাকৈ চিমেণ্টৰ বস্তা গোপনে বিক্ৰী কৰাৰ অভিযোগ উত্থাপিত হৈ আহিছিল কৰিমগঞ্জত। এনে অভিযোগৰ ভিত্তিত আজি কৰিমগঞ্জৰ জিলা উপায়ুক্তই গ্ৰহণ কৰিলে কঠোৰ পদক্ষেপ।

    গন্ধেশ্বৰী ভাণ্ডাৰ নামৰ দোকানখনত লকডাউনৰ সময়চোৱাত প্ৰতিদিনাই গোপনে অতিৰিক্ত দামত চিমেণ্ট বিক্ৰী কৰাৰ অভিযোগ লাভ কৰি আজি প্ৰশাসনৰ লোক উপস্থিত হৈ হাতেলোটে ধৰা পেলায়। ইতিমধ্যে দোকানখনৰ মেনেজাৰক আটক কৰি কৰিমগঞ্জ সদৰ থানালৈ প্ৰেৰণ কৰা হৈছে।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং