21 C
Guwahati
Friday, January 14, 2022
More

    কৰীণাই মুকলি কৰিলে গোপন কথা;মনে মনে চাই থাকে ননদ-জোঁৱাই কুণালৰ ফটো!

    কৰীণা কাপুৰ খান আজিকালি বিশেষভাৱে ব্যস্ত থাকে পুত্ৰ তেইমূৰৰ সৈতে। তাৰমাজতে কৰীণাই ছচিয়েল মিডিয়াত সক্ৰিয় হৈ থাকিবৰ বাবে নতুনকৈ ইনষ্টাগ্ৰামত এটা একাউণ্ট খুলিছে

    কৰীণা কাপুৰ খান নিজ সৌন্দৰ্য, অভিনয় দক্ষতাৰ লগতে আৰু এটা বিশেষ কাৰণতো সাধাৰণতে লাইমলাইটলে আহি থাকে। সেয়া হ’ল কৰীণাই একো নভবাকৈ যেতিয়াই তেতিয়াই যি টি কথা কৈ দিয়ে বিশেষ একো নভবাকৈ। ২০০১ চনত মুক্তি পাইছিল ‘অজনৱী’ নামৰ চিনেমাখন।

    য’ত অভিনয় কৰিছিল অক্ষয় কুমাৰ, ববী দেউল, বিপাশা বাসু আৰু কৰীণা কাপুৰে। এই চিনেমাখনৰ শ্বুটিঙৰ শ্বেটত কৰীণাই বিপাশাৰ সৈতে কষ্টিউমৰ কথা এটাত বাক-বিতণ্ডা লাগি বিপাশাক ‘কালী বিল্লী’ বুলি কৈ গালত চৰ শোধাই সংবাদ শিৰোনাম দখল কৰিছিল। কৰীণা মানে বেব’ৰ এই দুৰ্ব্যৱহাৰ বিপাশাৰ লগতে কোনোৱে পাহৰা নাই। ইফালে চলমান খান ভাল অভিনেতা নহয়,চলমানে অভিনয় একেবাৰেই কৰিব নাজানে বুলি মুকলিকৈ কৈয়ো ৰাইজৰ ৰোষত পৰিছিল অভিনেত্ৰীগৰাকী।

    কৰীণা কাপুৰ খান আজিকালি বিশেষভাৱে ব্যস্ত থাকে পুত্ৰ তেইমূৰৰ সৈতে। তাৰমাজতে কৰীণাই ছচিয়েল মিডিয়াত সক্ৰিয় হৈ থাকিবৰ বাবে নতুনকৈ ইনষ্টাগ্ৰামত এটা একাউণ্ট খুলিছে। ইনষ্টাগ্ৰামত কৰীণাক স্বাগতম জনায় ননদ-জোঁৱাই অৰ্থাৎ ছৈফ আলী খানৰ ভগ্নী ছোহাৰ স্বামী কুণাল খেমুৱে। কুণালে ইনষ্টাগ্ৰামত কৰীণাৰ সৈতে থকা এখন ফটো শ্বেয়াৰ কৰি লিখিছে- ‘ইনষ্টাগ্ৰাম এতিয়া কুল হৈ পৰিব। স্বাগতম কৰীণা কাপুৰ খান'(Instagram just got cooler..welcome kareena kapoor khan)।কৰীণাই লগালগ এই ফটোৰ তলত কমেণ্ট দিয়ে এইবুলি- ‘ইনষ্টাত মই নতুন। কিন্তু আগতেও মই মনে মনে তোমাৰ ফটো চাই থাকো।’

    কৰীণাৰ এই কমেণ্ট দেখি নেটিজেনসকলে যথেষ্ট আমোদ লাভ কৰে আৰু ই চৰ্চিতও হৈছে যথেষ্ট। উল্লেখ্য যে কুণাল আৰু কৰীণাই একেলগে ‘গোলমাল-৩’ত অভিনয় কৰিছিল। ছৈফ আলী খান, কৰীণা কাপুৰ, ছোহা আলী খান আৰু কুণাল খেমুৰ সম্পৰ্ক অতি মধুৰ। তেওঁলোকে প্ৰায়ে একেলগে অৱসৰ বিনোদন উদযাপন কৰে। চাৰিওকে একেলগে দেখা পোৱা যায় ভিন্ন স্থানতো।

    Photo Credit: Amar Ujala

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং