23 C
Guwahati
Thursday, October 28, 2021
More

    বিৰাট-অনুস্কা সোনকালে পিতৃ-মাতৃ হওক, এই আশা কৰীণাৰ!

    তেইমূৰৰ বাবে বিৰাট-অনুস্কা সোনকালে পিতৃ-মাতৃ হোৱাটো বিচাৰিছে কৰীণাই

    বিৰাট কোহলী আৰু অনুস্কা শৰ্মাৰ প্ৰেম সকলোতে চৰ্চিত। বহুতেই এই যুটীটোক বৰ পচন্দ কৰে। বিৰাট- অনুস্কাক অনুৰাগীয়ে মৰমতে নাম দিছে ‘বিৰুস্কা’। এই ‘বিৰুস্কা’ৰ সংসাৰলৈ যাতে সোনকালে এটি সন্তানৰ আগমন ঘটে সেয়া কামনা কৰিছে কৰীণা কাপুৰে। কিন্তু কিয় কৰীণাই এই আশা সোনাকালে পূৰণ হোৱাটো বিচাৰিছে জানেনে? তেইমূৰৰ বাবে বিৰাট-অনুস্কা সোনকালে পিতৃ-মাতৃ হোৱাটো বিচাৰিছে কৰীণাই।

    কৰীণা-ছৈফ আলী খানৰ সন্তান তেইমূৰ বৰ্তমান ৩ বছৰীয়া শিশু। জন্মৰ পিছৰে পৰাই তেইমূৰ মিডিয়াৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ আহিছে। তেইমূৰে কি পিন্ধিছে, কি খাইছে, ক’ত গৈছে ইয়াকে লৈ ব্যস্ত হৈ থাকে মিডিয়া। যি কথা মাতৃ কৰীণাৰ সহ্য নহয়। ইমান সৰু ল’ৰাটোক মিডিয়াই দিয়া অশান্তিক কৰীণাই এক প্ৰকাৰৰ অত্যাচাৰ বুলি অভিহিত কৰিছে। কৰীণাৰ মতে মিডিয়াৰ মনোযোগ সময়ে সময়ে বদলি হৈ থাকে।

    Photo Credit: freepressjournal

    প্ৰথমতে আৰাধ্যা, তাৰপিছত আৰবাম আৰু এতিয়া তেইমূৰ। মই বিচাৰিছো সোনকালে বিৰাট আৰু অনুস্কাৰ জীৱনলৈ এটি কণমানি আহক যাতে মিডিয়াৰ ধ্যান মোৰ সন্তান তেইমূৰৰ পৰা আঁতৰি যায়। পিছে বিৰাট-অনুস্কাই এতিয়া পৰিয়াল বঢ়োৱাৰ কথা চিন্তা কৰিছেনে নাই সেয়া সময়তহে গম পোৱা যাব।

    Photo Credit: India Forums

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং