29 C
Guwahati
Saturday, October 23, 2021
More

    চলমানৰ কৃপাত একেখন চাদৰ তলত কপিল আৰু সুনিল

    দুই পূৰ্ব বন্ধু তথা বৰ্তমানৰ শত্ৰুক একেলগ কৰালে চলমান খানে

    চলমান খান, নামেই যাৰ পৰিচয়। সেই চলমান খানে বিচাৰিলে অসম্ভৱো সম্ভৱ হৈ পৰে। তেনেই এক কাম কৰিলে অভিনেতা জনে। একেখন চাদৰ তললৈ আনিলে দুই শত্ৰু কপিল শৰ্মা আৰু সুনিল গ্ৰোভাৰক। কমেডিয়ান দুই অভিনেতাই কাজিয়া লগাৰে পৰাই কোনোদিনে কতো একেলগে কোনো অনুষ্ঠান কৰা দূৰৰ কথা কতো একেলগে পাৰ্টীটো যোৱা নাছিলে। পিছে সেই দুই পূৰ্ব বন্ধু তথা বৰ্তমানৰ শত্ৰুক একেলগ কৰালে চলমান খানে।

    উল্লেখ্য যে, ২০ ডিচেম্বৰ শুকুৰবাৰে মুক্তিলাভ কৰিছিল চলমানৰ ডাবাং চিৰিজৰ তৃতিয়খন ছবি ডাবাং-৩ য়ে। তাতে আৰু সেই দিনটোতেই আছিল চলমানৰ ভাতৃ চোহেইল খানৰো জন্মদিন। তাতেই নিমন্ত্ৰণ পাইছিল দুই কমেডিয়ানে। চলমানৰ নিমন্ত্ৰণ অগ্ৰাহ্যও কৰিব নোৱাৰে, গতিকেই একে চাদৰ তললৈ আহিব লগা হ’ল দুই কমেডিয়ানে।

    চলমানৰ ঘৰত অনুস্থিত হোৱা এই জন্মদিনৰ অনুষ্ঠানত প্ৰথমে আহি পাইছিল সুনিল গ্ৰোভাৰ আৰু তাৰ কিছু সময় পিছত আহি পাইছিল কপিল শৰ্মাই। কেইবাঘন্টা ধৰি চলা এই অনুষ্ঠানত একেবাৰে শেষলৈকে আছিল দুইয়োগৰাকীয়ে। উল্লেখ্য যে, চলমানে ‘ভাৰত’ বোলছবিত সুনিল গ্ৰোভাৰত সংগী কৰাৰ বিপৰীতে কপিলৰ অনুষ্ঠানটো প্ৰযোজনা কৰি আছে।

    Photo Credit: Indiatoday

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং