25.9 C
Guwahati
Tuesday, August 9, 2022
More

    কৰ’ণাই এৰিলে লগ কিন্তু বিপদে এৰা নাই! এইবাৰ আৰক্ষীৰ জেৰাৰ সন্মুখীন হ’ব কণিকা

    কৰ'ণা ভাইৰাছক লৈ দায়িত্বহীনতাৰ পৰিচয় দিয়া কণিকা কাপুৰৰ ওপৰত আইপিচিৰ ধাৰাৰ অধীনত তিনিখনকৈ এজাহাৰ দাখিল কৰি হৈছিল

    কৰ’ণা ভাইৰাছৰ বিৰুদ্ধে যুঁজি সুস্থ হৈ উঠিল বলীউডৰ গায়িকা কণিকা কাপুৰ। এটা বিপদে লগ এৰিলে যদিও আন এটা বিপদে গা কৰি উঠিছে কণিকাৰ জীৱনত।

    হাস্পতালৰ পৰা মুক্তি পোৱাৰ পিছত কণিকা এতিয়া ১৪ দিনৰ বাবে হোম কোৱাৰেণ্টাইনত আছে। এই ১৪ দিন শেষ হোৱাৰ পিছত উত্তৰ প্ৰদেশ আৰক্ষীয়ে কণিকাক কৰিব জেৰা।কৰ’ণা ভাইৰাছক লৈ দায়িত্বহীনতাৰ পৰিচয় দিয়া কণিকা কাপুৰৰ ওপৰত আইপিচিৰ ধাৰাৰ অধীনত তিনিখনকৈ এজাহাৰ দাখিল কৰি হৈছিল।

    গায়িকাগৰাকীৰ বিৰুদ্ধে ভাইৰাছ বিয়পোৱাৰ অভিযোগত আই পি চি ২৬৯-২৭০ ধাৰাৰ অধীনত গোচৰ ৰুজু হৈ আছে। উল্লেখ্য যে ইংলেণ্ডৰ পৰা ভাৰতলৈ আহি কণিকাই কেইবাটাও পাৰ্টীত অংশগ্ৰহণ কৰিছিল আৰু তাৰপিছতেই কৰ’ণা ভাইৰাছ প্ৰতিৰোধৰ ক্ষেত্ৰত পালন কৰিবলগীয়া নিৰ্দেশ উলংঘা কৰা, নিজৰ বেমাৰৰ লক্ষণ লুকুওৱা আদি অভিযোগ উত্থাপন হৈছিল কণিকা কাপুৰৰ বিৰুদ্ধে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং