14 C
Guwahati
Sunday, January 23, 2022
More

    গুৱাহাটীত আজি দিনৰ ১২ বজালৈ অত‍্যাৱশ‍্যকীয় সামগ্ৰীৰ বাদে আন দোকান নুখুলিবলৈ আহ্বান

    আলোচনাৰ পিছতহে দোকান খোলাক লৈ পৰৱৰ্তী সিদ্ধান্ত সদৰি কৰিব

    আজি ৪ মে’ সোমবাৰে দুপৰীয়া ১২ বজালৈকে কামৰূপ মহানগৰত ঔষধ আৰু অত‍্যাৱশ‍্যকীয় সামগ্ৰীৰ বাদে আন দোকান নুখুলিবলৈ আহ্বান। এই আহ্বান জনাই কামৰূপ মহানগৰ জিলা উপায়ুক্তই। জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে মহানগৰবাসীলৈ জনাইছে এই আহ্বান।

    অৱশ্যে এই সময় চোৱাত ঔষধৰ দোকান আৰু অত‍্যাৱশ‍্যকীয় সামগ্ৰীৰ দোকান পূৰ্বৰ সময়মতেই খুলিব পাৰিব বুলি সদৰি কৰিছে জিলা উপায়ুক্তই। বিভিন্ন সংগঠন তথা সংস্থাৰ সৈতে আজি জিলা উপায়ুক্ত‌ই আলোচনা কৰিব। বিভিন্ন সংগঠনৰ সৈতে আলোচনাৰ পিছতহে দোকান খোলাক লৈ পৰৱৰ্তী সিদ্ধান্ত সদৰি কৰিব।

    ৰাজ্য চৰকাৰে তৃতীয় পৰ্যায়ৰ লকডাউনৰ সময়ত দোকান খোলাৰ ক্ষেত্ৰত নতুন নীতি-নিৰ্দেশনা জাৰি কৰাৰ বাবে জিলা উপায়ুক্তগৰাকীয়ে এই সিদ্ধান্ত লৈছে। সমূহ মহানগৰবাসীন্দাক এইক্ষেত্ৰত সহযোগিতা কৰাৰ আহবান জিলা উপায়ুক্তগৰাকীৰ।

    Photo Credit: Jyotirupa Kalita and Kamrup Metro Official Website

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং