সুৰাৰ নিচাত অচেতন মহিলাক ধৰ্ষণ কৰাৰ অভিযোগত দক্ষিণ কোৰিয়াৰ পপ ষ্টাটৰ্ছ জংগ জুন-য়ং আৰু চই জং-হুনক জেললৈ প্ৰেৰণ। জঙক ৬ বছৰৰ শাস্তি আৰু চই জং-হুনক ৫ বছৰৰ শাস্তি প্ৰদান কৰে। ধৃত জঙে কু-কৰ্ম কৰাৰ পিছত মহিলাগৰাকীৰ ভিডিঅ’ কৰি প্ৰচাৰ কৰাৰ বাবে অতিৰিক্ত শাস্তি প্ৰদান কৰা হয়।
Seoul Central District Court-এ শুকুৰবাৰে এই সিদ্ধান্ত গ্ৰহণ কৰে। সুূত্ৰ অনুসৰি, দোষী সাব্যস্ত হোৱা দুয়োজন সংগীত শিল্পীক ৮০ ঘণ্টাৰ যৌন হিংসাৰ চিকিত্সা (Sexual Violence Treatment Course) কৰিব লাগিব। লগতে শিশুসকলৰ সৈতে কাম কৰাৰ ক্ষেত্ৰতো লগোৱা হৈছে নিষেধাজ্ঞা।
ছেক্স টেপ শ্বেয়াৰ কৰা মহিলাক নিচাজাতীয় দ্ৰব্য সেৱন কৰাই কু-কৰ্ম কৰি ভিডিঅ’ শ্বেয়াৰ কৰা সন্দৰ্ভত মাৰ্চত গ্ৰেপ্তাৰ হৈছিল ৩০ বছৰীয়া চুকে জং। কিছুদিন পূৰ্বে দক্ষিণ কোৰিয়াৰ সংগীত জগতত কেইবাটাও ছেক্স স্কেণ্ডেল পোহৰলৈ আহিছিল আৰু এতিয়া পুনৰ এই নতুন ঘটনা সংঘটিত হয়।
শাস্তি প্ৰদান কৰাৰ সময়ত ন্যায়াধীশ কং ছিয়ংগ-ছুয়ে কৈছিল যে জঙে সেইসকল মহিলাৰ সৈতে কু-কৰ্ম কৰিছিল যিসকল মহিলা সুৰাৰ নিচাত আছিল আৰু যাৰ বাবে তেওঁলোকে বিৰোধিতা কৰিবলৈ অসমৰ্থ আছিল। নগ্ন অৱস্থাত তেওঁলোকৰ ভিডিঅ’ কৰিছিল আৰু ছেক্স কৰিছিল আৰু সেই ভিডিঅ’ শ্বেয়াৰ কৰিছিল গ্ৰুপ ছেটত।