30 C
Guwahati
Wednesday, October 27, 2021
More

    সাংবাদিক আক্ৰমণৰ ঘটনাত জড়িত ২জনক আটক; পলাতক মূল অভিযুক্ত

    ইতিমধ্যে গুৰুতৰভাৱে আহত দুই সাংবাদিকে দোষীৰ কৰায়ত্তৰ দাবীত উত্তৰ গুৱাহাটী আৰক্ষী থাানাত ১৬৫/১৯ নম্বৰ ভাৰতীয় দণ্ডবিধি আইনৰ ৩০৭/৩৯৫/৩২৬/৩২৫/৩৮৪ ধাৰাত জামিনবিহীন গোচৰ ৰজু কৰিছে। ইফালে চাইল্ড লাইনেও কৰ্তব্যত বাধা প্ৰদানৰ বাবে এক নিজাববীয়া গোচৰ ৰুজু কৰিছে আমিনগাঁও আৰক্ষী চকীত

    সাংবাদিকৰ সুৰক্ষাৰ প্ৰতি কিমান দায়বদ্ধ আৰক্ষী-প্ৰশাসন চৰকাৰ। ইটোৰ পিছত সিটো সাংবাদিক নিগ্ৰহৰ ঘটনা, কিন্তু তদন্তৰ নামত চৰকাৰৰ ভেকোভাওঁনা। আমিনগাঁও লাচিতপুৰত শিশু শ্ৰমিক উদ্ধাৰৰ বাতৰি সংগ্ৰহৰ বাবে যোৱা দুই সাংবাদিক ৰন্টু বৈশ্য আৰু ৰূপজ্যোতি দাসক চোকা অস্ত্ৰৰে আক্ৰমণ দুৰ্বৃত্তৰ। আৰক্ষী আৰু চাইল্ড লাইনৰ উপস্থিতিত দুই সাংবাদিকক আক্ৰমণৰ সময়ত অসহায় হ’ল আমিনগাঁও আৰক্ষী। সাংবাদিকক প্ৰাণে মৰাৰ চেষ্টাৰ লগতে সোণৰ চেইন, ম’বাইল ফ’ন আৰু বাতৰি সংগ্ৰহৰ কেমেৰা কাঢ়ি নিয়ে।

    Photo Credit: Time8

    ইয়াৰ পিছতে ঘৰৰ পৰা পলায়ন দুৰ্বৃত্তৰ। ইতিমধ্যে উত্তৰ গুৱাহাটী আৰক্ষীয়ে ঘটনাৰ লগত জড়িত দুজনক আটক কৰিছে যদিও পলাতক মূল অভিযুক্ত৷ নজৰুল আলি, জোন আলি, ৰাহুল আলী, চাহিদুল আলী আৰু নেকিব আলীয়ে দলবদ্ধ আক্ৰমণ কৰি হত্যাৰ চেষ্টা কৰিছিল দুই সাংবাদিকক৷

    Photo Credit: Time8

    ইতিমধ্যে গুৰুতৰভাৱে আহত দুই সাংবাদিকে দোষীৰ কৰায়ত্তৰ দাবীত উত্তৰ গুৱাহাটী আৰক্ষী থাানাত ১৬৫/১৯ নম্বৰ ভাৰতীয় দণ্ডবিধি আইনৰ ৩০৭/৩৯৫/৩২৬/৩২৫/৩৮৪ ধাৰাত জামিনবিহীন গোচৰ ৰজু কৰিছে। ইফালে চাইল্ড লাইনেও কৰ্তব্যত বাধা প্ৰদানৰ বাবে এক নিজাববীয়া গোচৰ ৰুজু কৰিছে আমিনগাঁও আৰক্ষী চকীত। চাইল্ড লাইন আৰু সাংবাদিক আক্ৰমণৰ ঘটনাক বিভিন্ন দল সংগঠনে তীব্ৰ ভাষাৰে গৰিহণা দি দোষীৰ কঠোৰ শাস্তিৰ দাবী তুলিছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং