27 C
Guwahati
Thursday, September 22, 2022
More

    যোৰহাটৰ মহিলাৰ চমক; তাঁতশালত সোণালী সূতাত বৈ উলিয়ালে গুণমালা

    শংকৰদেৱ, মাধৱদেৱ আৰু তেওঁৰ শিষ্যসকল বহি থকাৰ চিত্ৰও তাঁতশালতে অংকণ কৰিছে শিপিনীগৰাকীয়ে

    বয়ন শিল্পত যে অসমৰ শিল্পীয়ে বিশ্বৰ যি কোনো স্তৰতে ফেৰ মাৰিব পাৰে সেয়া পুনৰ প্ৰতিপন্ন কৰিলে যোৰহাটৰ এগৰাকী মহিলাই। ৮ মিটাৰ দৈৰ্ঘ্য আৰু ১ মিটাৰ প্ৰস্থ তচ মূগা কাপোৰত এইগৰাকী মহিলাই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ গুণমালা সম্পূৰ্ণ ৰূপে বৈ উলিয়ায়। মহিলাগৰাকীৰ নাম জ্যোতি বৰা দত্ত। ঘৰ পশ্চিম যোৰহাটৰ চাৰিঙিয়াত।

    প্ৰায় ১ বছৰ পূৰ্বেই জ্যোতি বৰা দত্তই হাতত লৈছিল মহাপুৰুষ শ্ৰীমন্ত শংকৰ দেৱৰ ৰচিত গুণমালা তাঁতশালত বৈ উলিওৱাৰ কাম। বিভিন্ন ঘৰুৱা কাম কাজৰ লগতে সমাজিক বহু কামৰ লগত জড়িত জ্যোতি বৰা দত্তই ১ বছৰৰ ভিতৰত তচ মূগাত ৰঙা সূতাৰে বৈ সম্পূর্ণ কৰে গুণমালা।

    আখৰৰ লগতে শংকৰদেৱ, মাধৱদেৱ আৰু তেওঁৰ শিষ্যসকল বহি থকাৰ চিত্ৰও তাঁতশালতে অংকণ কৰিছে শিপিনীগৰাকীয়ে। উল্লেখ্য যে, মহাপুৰুষ দুজনাৰ সৃষ্টিৰাজিৰ আৰু বহু চানেকি এনেদৰে সোণালী সূতাত বৈ উলিওৱাৰ ভৱিষ্যতৰ পৰিকল্পনা কৰিছে জ্যোতি বৰা দত্তই।

    Input & Photo: Rituraj Phukan

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং