22 C
Guwahati
Monday, October 25, 2021
More

    মাজুলিবাসীৰ ক্ষোভ: ৪বছৰৰ পিছতো আধাৰশিলা হৈয়ে ৰ’ল যোৰহাট মাজুলী সংযোগী দলং

    কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ২০১৬ চনৰ ২৭ ফেব্ৰুৱাৰীতে স্থাপন কৰিছিল যোৰহাট মাজুলী সংযোগী দলংৰ আধাশিলা

    ‘আনন্দই আনন্দ, সৰ্বানন্দ’ মুখ্যমন্ত্ৰী হোৱাৰ পুৰ্বে এই শাৰী বাক্য কে শিৰোগত কৰি মুখ্যমন্ত্ৰীৰ আসনত বহিছিল আমাৰ সৰ্বাদা। মুখ্যমন্ত্ৰী হোৱাৰ পূৰ্বে প্ৰতিশ্ৰুতিও দিছিল বহুতো। আনহে নালাগে নিজৰেই গৃহসমষ্টি মাজুলিৰেই সকলোতকৈ উপকাৰ কৰাৰ কথা আগত কৈছিল ডাঙৰিয়াই।

    বনোৱা হ’ব যোৰহাট মাজুলী সংযোগী দলং। দিল্লীৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীও আহিল সেই মাজুলিবাসীৰ বহু আকাংশীত দলং খনৰ আধাৰশিলা উন্মোচনৰ বাবে।

    কেন্দ্ৰীয় পথ পৰিৱহন মন্ত্ৰী গাডকাৰীয়ে ২০১৬ চনৰ ২৭ ফেব্ৰুৱাৰী দিনাই মাজুলী মহাবিদ্যালয়ৰ প্ৰাংগন দৰিয়া পাৰত স্থাপন কৰিলে যোৰহাট মাজুলী সংযোগী দলংৰ আধাশিলা।

    বহু যুগ যুগৰ পৰা দেখি অহা সপোন পূৰ হোৱাৰ আশাত মাজুলি বাসীও উৎফুলিত। অসমৰ জনসাধাৰণেও দেখিলে এক নতুন সপোন। জাতি-মাটি-ভেটি আহিব ঘুৰি।

    পিছে ৪টা বছৰ সম্পূৰ্ণ হোৱাৰ পাছতো আজিও আধাৰশিলা হৈয়ে ৰ’ল দলঙখনৰ। দলঙৰ নামত এটা শিলো নপৰিল সেই স্থানত।বিগত দশক দশক ধৰি বহু যন্ত্ৰণা মাজেৰে জীৱন যাত্ৰাত অতিস্থ হৈ এখন দলংৰ বাবে মাজুলী বাসীয়ে বহু সময়ত গণ আন্দোলন কৰি আহিছে।

    কিন্তু আধাৰশিলা এখন ফলকৰ বাহিৰে প্ৰতিশ্ৰুতি দিয়া এই চৰকাৰ খনে বিগত চাৰিটা বছৰত এটা খুটাও থিয় কৰাব নোৱাৰিলে লুইতৰ বুকুত। তাৰ পিছতে আজি চৰকাৰ খনৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে শ্ৰীশ্ৰী দক্ষিণপাট গৃহাশ্ৰমী সত্ৰৰ সত্ৰাধীকাৰ জনাৰ্দন দেৱ গোস্বামীৰ লগতে মাজুলীৰ বিভিন্ন দল সংগঠনে।

    Photo Credit: Kalpajit Saikia

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং